ফাগুনৰ কাব্য

Rinku Rajowar
0
পলাশফুলা বতৰত ফাগুন নামে ধৰাৰ বুকুলে,
নীল নয়না আকাশতো ফুলে মদাৰ ৰঙী ফুল

ফাগুন মানেইতো চৌদিশে ৰঙচুৱা সপোন

দুষ্ট ফাগুনে হাত বাউল দি মাতে 
চেনেহতে লাজুকী পলাশে হিয়াভাঙি নাচে,
মন আকাশত চিলা হৈ সপোনবোৰ উৰে  ।

ফাগুন মানেইটো মতলীয়া পছোৱা বতাহ,
শুকুলা কহুঁৱা মেঘ
আকাশত কুকুহাৰ দেওলগা নাচ ।

ফাগুন মানেই তলসৰা বগৰী
এসাগৰ সৰাপাতৰ দলিছা,
ফাগুনে কৈ যায় সৰাপাতৰ কত কথা
সৰাপাতে সোঁৱৰাই বসন্তৰ কথা
বসন্তই আনে ন-আশাৰ বতৰা

ফাগুন মানেই কৃষকৰ আনন্দৰ উছৱ,
হেঁপাহৰ লৃগাং অথবা পঃৰাগ,
পুৰাং আপিন অথবা পঃৰ আপংৰ জুতি,
মূৰং ঘৰৰ বাকৰিত ঐনি:তমৰ গুমৰাগ পঃৰাগ ধ্বনি

ফাগুন মানেইতো ৰঙৰ আবিৰ 
যেন মৰমৰ ফাঁকুৰে তুমি মোৰ বুকুত সানিছা
হওক বুলি হৃদয়ৰ সপোন ৰঙীন 

ফাগুন মানেই তোমাৰ মিঠা ছবি
কন্ঠত যাদুসনা মৌ বৰষা মাত
যেন ফাগুনৰ এটি মৌ মিঠা গান

ফাগুন মানেই ধূলি-ধূসৰিত ৰাতি,
তোমাৰ বুকুখন উতলা ফাগুনৰ দৰে শুকান
বসন্তৰ দৰে জীপাল
পছোৱাৰ দৰে চঞ্চল
লঠঙা ডালতো ষোড়ষী গাভৰু হৈ পলাশ মদাৰ ফুলে,
তোমাৰ বুকুটো ফুলিছেনে ভালপোৱাৰ সেউজী ফুল?

🔰উত্তম লইং


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)