ৰঙা কাপোৰৰ মূল্য

Rinku Rajowar
0

এখন গাঁৱত এটা ভঙা পঁজাত বাপেক আৰু পিতেক বাস কৰিছিল ৷ 

পিতেক তেৰ বছৰৰ আছিল পিতেক হাবিত খৰি কাটিবলৈ যায় লগতে হাবিত যদি কিবা ফলমুল পাই ঘৰলৈ লৈ আনে আৰু  তাকে ৰাতিৰ আহাৰ হিচাপে খায় ৷


ৰাতিপুৱা সোনকালে  শুই উঠি নদীত গৈ গাপা ধুই লগত নিয়া কলহত পানী ভৰাই ঘৰলৈ উভতি আহি জলপান খাই খৰি কাটিবলৈ যায় ৷ যাওঁতে বাটত ভাৱি ভাৱি যায় হাবিৰ সিপাৰেনো কি আছে ?

এনেদৰে ভাৱি ভাৱি গৈ থাকে আকৌ নিজকে পশ্ন কৰে এই হাবিৰ দেখোন অন্ত নাই ৷ এনেদৰে বেলি মাৰ গ'ল আৰু আন্ধাৰে আৱৰি ধৰিলে ৷ এতিয়া মই কি কৰোঁ ঘৰলৈকো উভতি যাব নোৱাৰি উপায়হীন হৈ ওচৰতে দেখা পালে এজোপা আমগছ  গছজোপাতে যেনেতেনে ৰাতিটো কটালে ৰাতিপুৱা হ'ল বেলিৰ পোহৰ পৰি ল'ৰাজন সাৰপাই উঠিল আকৌ যাত্ৰা আৰম্ভ কৰিলে ৷


এনেকৈ গৈ গৈ এটা পথ পালে পথত দেখা পালে দুজন মানুহ কিবা কথা পাতি পাতি গৈ আছে সি ভালকৈ কাণ পাতি শুনিবলৈ চেষ্টা কৰিলে এজন মানুহে আনজনক কৈছ 

হেৰি জানেনে ৰে'লৰ আগফালে হেনো বোলে ৰঙা কাপোৰ দেখোৱালে ৰে'লখন তুৰন্তে ৰখি যায় ৷

আনজনে খিলখিলাই হাঁহি হাঁহি ক'লে  কি কোৱাহে এনে হোৱা হ'লে দেখোন ইমান দুৰণি ৰে'ল ষ্টেচনলৈ নগৈয়ে ৰে'লৰ পথত গ'লে হব দেখোন ৷ তাতেই ৰঙা কাপোৰ দেখোৱাই উঠিলে হব ৷ 


ল'ৰাটোৱে কথাবোৰ শুনি  ৰে'ল পথ বিচাৰি যায় কিছুদুৰ যোৱাৰ পাছত এনেকৈ ৰে'লপথ চকুত পৰে লগতে ৰিণিকি ৰিণিকি ৰে'লৰ উকিও শুনি পাই ৷

এনেতে আৰু এটা দৃশ্য দেখা পাই এগৰাকী বয়সস্থ মাতৃ ৰে'লপথত শুই থকা দেখা পাই লগে লগে দৌৰি গৈ মাতৃগৰাকীক উঠাবলৈ চেষ্টা কৰে ৷ যেন সকলোৰে জননী ছয় ৰিপূৱে যেন মাতৃগৰাকীক কটাৰ ওপৰত ৰেপিছে ৷ কিন্ত মোৰ চেষ্টাত ফলৱতী নহ'লো ৷ উপায়হীন হ'লো এনেকৈ মনত পৰিল মানুহ দুজনৰ কথা লগে লগে মোৰ ডিঙিত থকা ৰঙা গামোছাখন লৈ ৰে'ল অহা দিশত দৌৰিবলৈ ধৰিলে ৷



লিখক - ভাস্কৰ কায়স্থ

অষ্টম শ্ৰেণী

ৰজ ই্‌ঙলিছ স্কুল বোকাখাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)