তোমাক পোৱাৰ আৱেগত
মোৰ সপোন বোৰে
ঠন ধৰি উঠিছিল।
লহ-পহকৈ বাঢ়ি আহিছিল
তেজৰঙা গোলাপৰ
কোমল কুসুমটো।
যেন এক বুজাব নোৱাৰা আবেগৰ
অবুজ শিহৰণ।
মোৰ চাৰিও কাষে
শয়নে সপোনে মাথো
তোমাৰেই ছবি।
তোমাক পোৱাৰ হেপাহত
মোৰ সপোনৰ ভাল পোৱাই
প্ৰেম সাগৰৰ কোবাল ঢৌৰ মাজত
সাতুৰিছিল বিনা দিগ্ধাৰে।
সকলো দুখ বেদনা পাহৰি গৈছিলো
তোমাক পোৱাৰ আশাত
আৰু তুমি দিয়া মৰমৰ আৱেগত।
কিন্তু,কিন্তু হঠ্যাৎ মোৰ ভাল পোৱা,
মোৰ সপোন বোৰ
যেন তোমাৰ ওচৰত
মূল্যহীন হৈ পৰিল।
তুমি মোক দিয়া আশা বোৰ
নিৰাশা কৰি।
মোৰ সপোন বোৰ নিমিষতে
দূভৰিৰে মোহাৰি কিয় গুছি গ'লা
মোৰ জীৱনৰ পৰা,
কিয়?
📝দীপাঙ্কৰ লাহন (গহপুৰ)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ