আতংকময় মানৱ জীৱন

©Admin
0
নাজানো কি হ'ব ধৰিছে সমগ্ৰ বিশ্বজুৰি।
কি হ'ব ধৰিছে মানৱ জাতি
চাৰিও ফালে কেৱল আতংকৰ সৃষ্টি
না উলাব পাৰিেছ,
না সোমাব পাৰিছে।
নিস্তব্দ নিমাত কি চহৰ,
কি নগৰ কি গাঁৱ সকলো নিমাত।
আইনে সুৰক্ষা দিছে,
এচাম মানৱ ৰূপী দানৱে আইন উলংঘন কৰি চলাই গৈছে গোপনে ৰম্‌ৰমীয়া ক'লা বেহাৰ।
আৰু কিমান দিন চলিব এনেদৰে আতংকময় পৰিস্থিতি আৰু কিমান দিন?
ঈশ্বৰ আজি  ক'ত?
বন্ধ মন্দিৰ,বন্ধ মজজিদ,বন্ধ গিৰ্জা।
ঈশ্বৰ আজি নাই মন্দিৰত জ্বলা নাই বন্তি।
আল্লাহ আজি মজজিদত নাই 
শুনা নাই আজান
আজি গিৰ্জাতো প্ৰাৰ্থনা সভা চলা নাই,
নাই গিৰ্জাত যীচু।
ঈশ্বৰ আজি  ক'ত?
কোনোবাই  বোলে ঈশ্বৰৰ সন্ধান পালে।
ঈশ্বৰ বোলে হাস্পতালত আছে।
কৰিছে সেৱা অজস্ৰ জনৰ মুখত মাস্ক,হাতত গ্ল'ভচ পিন্ধি নামি আহিছে ঈশ্বৰ পৃথিৱীৰ ধৰালৈ।
কৰিছে আপ্ৰান চেষ্টা ভক্ত গনক পুনৰ জীৱন্ত ৰূপ দিবলৈ।
কৰুণা নিচিনা মহামাৰীৰ পৰা
 আতংকময় মানৱ জীৱনক ৰক্ষা কৰিবলৈ।
কাবৌ কৰিছো মোৰ মানৱ জাতি ভাই সকল
ঈশ্বৰৰ বাক্য মানি চলক নহ'লে শ্মশানলৈ পৰিণত হ'ব  একো একোখন গাঁৱ,
একো একোখন চহৰ নগৰ,
একো একোটা গ'লি।
সকলো  শ্মশান হৈ পৰিব।
দপ্‌দপ্‌কৈ জ্বলিব নিৰীহৰ চিতাৰ জুই
চাৰিও ফালে সৃষ্টি হ'ব হাঁহাকাৰ,আকাৰ অনন্ত নিৰাকাৰ।
চাৰিও ফালে সৃষ্টি মাথো আতংক আৰু ভয়াৱহ।
মানৱ জাতি হোৱা সাৱধান বছোৱা নিজক।
সাৱধান হোৱা।

📝দ্বীপ দীপাঙ্কৰ লাহন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)