সৰু অনুভৱ

Rinku Rajowar
0
দুখেৰে লিখিছো মই 
কবিতা জীৱনৰ ,
সুখেৰে সজাবলৈ বিচাৰো মোৰ জীৱন ।
জীৱন নতুন বাট বিচাৰি 
আহিছো আগুৱাই ,
নিয়ৰ গছকি প্ৰতি পুৱা ।
নাজানো জীৱন কিয়  সংঘাত পুৰ্ণ,
সময়ে  কাঢ়ি নিয়ে  মৰম ?
মৰম কিয় হেৰুৱালো মই
আজিও বুজাব পৰা নাই  মনক !
কোনেও নাজানে  মোৰ দুখৰ সময়   
কোনেও  হিচাব কৰা নাই 
মোৰ জীৱনৰ  গধুৰ সময় ।
এতিয়া দোভাগ ৰাতি ,
সাৰে আছো মই 
আশাৰে লিখিছো কবিতা জীৱনৰ।
নিৰস নিশা  , 
ৰস হেৰুৱাই 
দুখ বোৰে চেপা মাৰি ধৰিছে ,
সাহস দিবলৈ আজি কোনো নাই ।
নতুন অনুভৱ জাগিছে মনত
অনুভূতিয়ে বাট বিচাৰি 
ওচৰ চাপিব বিচাৰি ফুৰা নন্দন কানন   ।
=========================
⚫ প্ৰিয়ঙ্কা প্ৰিয়া ভুঞা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)