হত্যাকাৰি

Rinku Rajowar
0

গাখীৰ গিলাচ টেবুলত থৈ ননদ জনীয়ে দুষ্টালি হাঁহি এটা মাৰি ৰুমৰ পৰা ওলাই গ'ল,,,,

আজি আমাৰ বিয়াৰ প্ৰথম নিশা । বুকুখন দুৰু দুৰুকৈ কঁপিছে ।দীৰ্ঘদিন ধৰি প্ৰেমৰ অন্তত আমি আজি দুয়ো দুয়োকে চিৰদিনৰ বাবে নিজৰ কৰি ললোঁ ।

নিশা ক্ৰমে গভীৰ হৈ আহিছে । ৰুমৰ দুৱাৰখন খুলি যতীন সোমাই আহিব কিছু সময় পিছত । মনৰ ভিতৰত নানা সপোন নানা কল্পনা । দুয়ো ৰঙীন পৃথিৱীত উটি ভাঁহি ফুৰাৰ কামনা । 

প্ৰায়েই সি কয়,,,,,, ওৰে ৰাতি তোমাৰ দুবাহুত জিৰণি লৈ থাকিব দিবা আৰু মোক একো নালাগে ।

মই তেতিয়া সাহস পাওঁ । মৰমত আমি দুয়ো এক হ'ম এদিন,,,,,

প্ৰথম নিশা । কিছু বুজা কিছু নুবুজা ভাৱনা । এক নতুন অভিজ্ঞতালৈ সাজু হোৱা,,,,,

সযতনে থোৱা নিজৰ আবুৰ খিনি কাৰোবাৰ বাবে উৎসৰ্গিত কৰা,,,,,,,,,

বুকুখন যেন এতিয়া মোৰ ফাটি যাব । 

ভয় ,,,,,উৎকণ্ঠা,,,,,, আবেগ ।

যতীন সোমাই আহিল,,,,

দুৱাৰৰ লক লগাই উভতি মোলৈ চালে । 

মায়ে কৈ পঠাইছিল ,,,,,

জোঁৱাই ৰুমত প্ৰথম সোমাওঁতে ভৰি চুই আৰ্শীবাদ লবি,,,,,গাখীৰ গিলাচ খাব দি মৰমত ওচৰত বহিবি,,,,,,,,,,

কিন্তু,,,,,,

উফ


ক্ষুধাৰ্ত্ত বাঘে হৰিণী আগত পোৱাৰ দৰে যতীন অতৰ্কিতে মোৰ ওপৰত জঁপিয়াই পৰিল,,,,,,নব্বৈ কিল' ওজনৰ মানুহটো এতিয়া মোৰ গাৰ ওপৰত,,,,,যেন মোক ফালি চিৰি শেষ কৰিব ।

মই উশাহ পোৱা নাই ,,,,,,,হাত ভৰি লৰাব পৰা নাই,,,,,,চিঞৰিব পৰা নাই ।।

অন্ধকাৰ দেখিছোঁ মই অন্ধকাৰ ।

এয়া নেকি ফুলশয্যা ?

মৰমৰ মূল্য নোহোৱা কেঁচা মঙহ আজুৰি খোৱা ইয়াৰ নামেই যদি ফুলশয্যা তেনে নালাগে মোক তেনেকুৱা নিশা য'ত মোৰ অস্তিত্বৰ সন্মান নাথাকে,,,,,,,,

দেহৰ সমস্ত শক্তিৰে যতীনক ঠেলি দিলোঁ । গোলাপ পাহীৰে সজাই থোৱা বিছনা খনত সি ওপৰমুৱাকৈ পৰি গ'ল,,,,,

ইতিমধ্যে মই নাঙঠ হৈ পৰিছিলোঁ । তালৈ মোৰ ভ্ৰূক্ষেপ নাই । গহনা চুৰি হোৱা পিছত লকাৰত তলা লগোৱা প্ৰয়োজন নাই ।

উদং শৰীৰে মই দুৱাৰ খুলি দৌৰি ওলাই আহিছোঁ । তেতিয়া চাগে নিশা 2 বাজি গৈছে । সকলো ভাগৰত টোপনিৰ কোলাত ।

ৰান্ধনিয়ে ভুলতে এৰি যোৱা মিতদাখন চকুত পৰিল ,,,,,,,

এতিয়া মই কালী ,,,ছন্দি,,,,,,,,

মোৰ সপোনত আঘাত পৰিল । মোৰ যৌৱনত দাগ লাগিল,,,,এটা পশুৰ লগত মোৰ বিয়া হ'ল ।

দা খন হাতত লৈ ৰুমলৈ উভতি আহিলো । তেতিয়া যতীন বিছনাত শুই শুই হস্তমৈথুনত ব্ৰতী আছিল,,,,,,,

চিহ,,,,,কি নিৰ্লজ্জ !


ঘাঁপ। ,,,,,,ঘাঁপ ,,,,,,,ঘাঁপ,,,,,,,,,,

তেজত ডুবি থকা যতীনৰ ছিন্ন মুণ্ড হাতত লৈ এয়া মই,,,,,,,,বৰ্তমান থানা অভিমুখে,,,,,,,,,

🔰নবযানী বৰুৱা শইকীয়া(ডিগবৈ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)