মোৰ হিয়াৰ মৰমবোৰ উঠলি উঠে
কেচা তেজবোৰে উখল মাখল কৰে
বুতলি লবৰ মন হৃদয়ৰ মৰমবোৰ
জীৱনৰ পথত তোমাৰ খোজৰ
প্ৰতাৰিত হব খোজে প্ৰেম
আলেঙে আলেঙে মনৰ ভূগোলত
দুখ বেদনা স্পৰ্শ ......
এন্ধাৰক খেদি অহা হলে
এছাটি বিশুদ্ধ বতাহ ....
উভতনি যাত্ৰা জীৱনৰ
পাখিলগা সময় বোৰে
গোপনে গোপনে ৰূপালী আবিৰ সানে
মেঘালী চুলিত ।
উভতনি যাত্ৰাত এতিয়া মাথো নিসংগতা ।
পাহৰণিৰ গৰ্ভত অতীতৰ মধুৰ স্মৃতি .....
সময়ে শিকালে
জীৱন মানে কি ?
দুখ ,বেদনা , যন্ত্ৰণা মিশ্ৰিত
এপাহ গোলাপ কাঁইটেৰে বাকোহা
তলসৰা শেৱালি ।
🔰 ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ