সান্নিধ্য

Rinku Rajowar
0
মোৰ পুষ্পৰ কাননত, দীঘল পদূলিটোত 
তুমি হৈ ফুলিছা ৰজনীগন্ধা ।

মধুচন্দা, , , , , , , , , , , , , , , , ! 
নাজানো এইয়া প্ৰেম নে অপ্ৰেম-------------?
মাথো তোমাৰ নামত ৰুই থৈছো 
প্ৰতিজোপা -- মোৰ পুষ্পৰ কাননত ।

সৰা পাতে পাতে তোমাৰ মৰম বুটলো 
ফুলৰ পাপৰিত চুমা যাচো -----সাবটো-----------
অলেখ মৰমেৰে --------------।
নিয়ৰ সেমেকা ৰাতি নিস্তব্ধ নিশাটিত 
দীঘল উশাহেৰে অন্তৰৰ নিৰ্ভৃত কোণলৈ
সুবাসৰ মৰমবোৰ জোৰকৈ টানি লওঁ।
কিজানিবা -------'----------

কিজানিবা মলয়াৰ সুবাসতেই তোমাৰ সহাৰি পাওঁ।
অশোক ,পাৰিজাত ,শেৱালি  হৈ সৰিছা মোৰ চোতালত ।
কোঁচ ভৰি বুটলো হেপাহৰ জোলোঙাত -------------
তথাপিও -------------------
তথাপিও সুৰুযৰ হেঙুলীয়া আভাই মোক 
ইতিকিং কৰে।
      প্ৰতিবছৰে কপৌফুল হৈ ফুলিছা 
বসন্তৰ উদুলি মুদুলি পৰত 
মোৰ হিয়াৰ মাজত ।
যন্ত্ৰণা কাতৰ বিদায়ৰ বেলাত 
তোমাৰ বৃষ্টি হব মোৰ দেহৰ ভাজত ।
এইয়াই হব জীৱনৰ শেষ সান্নিধ্য ।

🔰ৰুমী কলিতা দত্ত 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)