মানুহৰ সৃষ্টি কেনেকৈ হ’ল ?

Rinku Rajowar
0

পৃথিৱী  অজস্র কোটি প্ৰাণীৰ বসতি স্থান আপোনাৰ  মনত বহুতো প্ৰশ্নৰ উদয় হয় আৰু আপুনি  প্ৰশ্নৰ উত্তৰসমূহ অনুসন্ধান কৰিবলৈ  প্ৰয়াস কৰি আছে যদিও সফল হব পৰা নাই !

গতিকে প্ৰাণী কেনেকৈ সৃষ্টি হ’ল “ এই প্ৰশ্নৰ উত্তৰ মই দিবলৈ চেষ্টা কৰিম আৰু আপোনাৰ মনৰ জিজ্ঞাসা কিছু  দুৰ কৰাৰ এটা চমু  আভাস  দাঙি ধৰিম !


আজিৰপৰা প্ৰায় ছশ কোটি বছৰৰ আগৰ কথা এটা বৃহৎ এচট্ৰইড পৃথিৱীত খুন্দা খালে লগে লগে ধুলিৰ ডাৱৰে সূৰ্য্যক ঢাকি দিলে ! ফলত তাপমান হ্ৰাস পালে ! সঠাৎ পৃথিৱীৰ তাপমান কমি যোৱাৰ ফলত পৃথিৱীত থকা পঁচিছ কেজিৰ সকলো প্ৰাণীৰ মুহুৰ্ততে মৃৰ্ত্যু হ’ল ! 


আপুনি জানেনে পঁচিছ কেজি সেই বৃহতকায় প্ৰাণীটো কি আছিল ?

সেই বিৰাতকায় প্ৰাণীটোৰ নাম হ’ল ডাইনাচৰ  আৰু এই ডাইনাচৰৰ সময়ত অন্য সৰু জাত প্ৰাণীৰ জীয়াই থকাটো সম্ভৱ নাছিল !

গতিকে ডাইনাচৰৰ অন্তই অন্য সৰু জাত প্ৰাণীৰ কাৰণে এটা শুভ দিৱসৰ উদয় হ’ল ! 

সৃষ্টি হ’ল মেমলছ নামৰ প্ৰাণীবিধৰ ! মেমলছ মানে স্তনধাপৰী জীৱ ! এই প্ৰাণীবিধে নিজকে প্ৰলয়ৰ পৰা বচাই ৰাখিছিল ! 

মেমলছ ভূগৰ্ভত বসবাস কৰিছিল খাদ্য 7বুলিবলৈ সকলো খাইছিল ! আপোনাক জনাই দিওঁ যে ডাইনাচৰৰ অন্তৰ পাছত মাত্ৰ পাঁচবিধ জীৱ পৃথিৱীত জীয়াই আছিল ! ৰেডিয়েচন প্ৰডাকচন প্ৰক্ৰিয়াৰে বহুতো নতুনজীৱৰ সৃষ্টি হ’ল !

ইয়াচিন ইপক নামৰ এবিধ  বান্দৰ জাতিৰ প্ৰাণীৰ যাৰ চকু মূৰত আৰু চিধা খোজ কাঢ়িব পাৰিছিল ! এই প্ৰাণীবিধ চাৰি কোটি বছৰৰ আগৰপৰাই  দেহৰ আকৃতি আৰু গঠন সলনি হবলৈ ধৰিছিল  ! 

বাতাৱৰণৰ পৰিবৰ্তনৰ প্ৰভাৱত ক্ৰিয়াগতভাৱে পৃথিৱীৰ মহাদ্বীপসমূহ নিচে কষৰীয়া হৈ পৰে ! ভাৰত এছিয়া মহাদ্বীপৰ সৈতে ঘহনি খাই সৃষ্টি কৰিলে হিমালয় পৰ্বতৰ ! হিমালয় পৰ্বতৰ বৃহৎ পৰ্বতশৃংগ এভাৰেষ্ট বহুত ওখ হোৱাৰ বাবে বতৰৰ সলনি হৈ এই বতৰ পৰিৱৰ্তনৰ ফলত এভাৰেষ্টৰ বৰফ  গলিবলৈ ধৰিলে ! ক্ৰমানয়ে পৃথীও ঠাণ্ডা হবলৈ ধৰিশে আৰু হিমবাহৰ ফলত বৰফৰ ভঙাল নদীৰ সৃষ্টি কৰিলে !আজিৰপৰা প্ৰায় তিনিকোটি বছৰ আগতে গ্লৱেলাইজেচন হ’ল ঘাঁহনি কমিল আৰু বননি বাঢ়িল ! ফলত জীৱ জন্তু মূকলি পথাৰত থাকিবলৈ লয় ! তাৰে মাজত মাংসভোজী আৰু তৃণভোজী দুই জাতৰ প্ৰাণী আছিল ! 


এক কোটি বছৰৰ আগতে পৄথিৱী বৰ্তমানৰ দৰে পাৰিৱেশিক অৱস্থা লাভ কৰিছিল ! সকলো দ্বীপ মহাদ্বীপসমূহত যথেষ্ট বিকশি হবলৈ লৈছিল ! 

কিন্তু কি হব প্ৰকৃতিতকৈ ডাঙৰ কোন চল্লীছ 40 লাখ বছৰৰ পিছত টেকটনিক নামৰ দ্বীপটো ঘঁহনি খাই আফ্ৰিকাৰ নৱ পৰ্বতমালাৰ সৃষ্টি কৰিলে নামটো হ’ল ইষ্ট আফ্ৰিকান ব্ৰিফভেল ! ফলত সমতল ভূমিত মলয়া বতাহ বলা বন্ধ হ’ল লগে লগে বৃষ্টিপাতৰ পৰিমাণ কমিল ! আৰু এই সমভূমিতে বাস কৰিছিল দি গ্ৰেট ৱেভ নামৰ প্ৰাণী এই প্ৰাণীয়ে হ’ল আমাৰ পূৰ্বপুৰুষ ইয়াক পেৰেলা পেথিকছ বুলিও কোৱা হয় ! এই পেৰেলা পেথিকছ খাদ্য হিচাপে ফলমূল খাইছিল কিন্তু পছত বগাব নোৱাৰিছিল গছৰ ডালে ডালে খোজ কাঢ়ি ফুৰিছিল পেৰেলা পেথিকছ হ’ল পৃথিৱীৰ প্ৰথম খোজ কাঢ়িব জনা প্ৰাণী ! 


জলবায়ুৰ লগত এই প্ৰাণীৰ দৈহিক গঠন তথা বিকাশত যথেষ্ট পৰিবৰ্তন হ’ল 

চিম্পাঞ্জী , গৰিলা ,আৰু মানুহলৈ পৰিবর্তন হ’ল ! কিন্তু সম্পূৰ্ণলৈ পৰিবৰ্তন তেতিয়াহে হ’ল যেতিয়া খাদ্যৰ সন্ধানত গছৰ পৰা নামি অন্য ঠাইলৈ ঢাপলি মেলিলে ! তেতিয়া সিহঁতৰ ভৰি মানুহৰ দৰে কিছু আকৃতি লৈ এতিয়া এই প্ৰাণীৰ নাম এবডিপিথেকাছ ফেমিডাচ ঐওঁ হ’ল আমাৰ পূৰ্বপুৰুষ যিয়ে প্ৰথম চন্দ্ৰত পদাৰ্পণ কৰি ইতিহাস ৰচিলে এওঁৰ উচ্চতা চাৰি ফুট ওখ এওঁ চিধা আমাৰ দৰে খোজ কঢ়া জীৱ !


বিকাশৰ পাচত বিকাশ প্ৰায় তেইছ 23 লাখ বছৰৰ পাছত মগজুৰ বিকাশ হ’ল !

এওঁ ৰ নাম হ’লগৈ হম হাবিয়াস এওঁ প্ৰথমে শিলক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল চিকাৰ কৰিব জনা হ’ল ! পিছলৈ এওঁৰ নাম হমোইৰেক্টাচ যি  অতি বুদ্ধিয়ক ! জুইৰ সৃষ্টি হ’ল জুইৰ সৃষ্টিয়ে এক নৱ যুগৰ সুচনা কৰিলে মানুহে সিজাই খাবলৈ শিকিলে ফলত শক্তি অপচয় কমিল যাৰ ফলত মগজু অতি চোকা হ’ল ! হজম শক্তি বাঢ়িল ! ঠাণ্ডা আৰু বনৰীয়া প্ৰাণীৰ পৰা ৰক্ষা আদিক ধৰি বহুত সুবিধা হ’ল !

দুই লাখ বছৰৰ আগতে আজিৰ দৰে মানুহৰ সৃষ্টি হৈ গৈছিল ! কথা ভাৱৰ আদান প্ৰদান , বৰ্তাপ্ৰেৰণ , এক ক্ৰমবিকাশ হৈ গৈছিল ! এইয়াই হ’ল হমোচেপিয়ানচি !


তাৰ পিছত এক লাখ বছৰৰ পাছত মানুহ য’তে  ত’তে যাবপৰা হৈছিল কাৰণ লগত চোকা আৰু শক্তিশালী অস্ত্ৰ লগত আছিল !

তাৰ পাছত আন এটা ঘটনা ঘটিল  এছিয়া ইউৰোপীয় আৰু আফ্ৰিকা মহাদ্বীপ ঘঁহনি খাই সৃষ্টি হৈছিল এফ্ৰো ইউৰেছীয়া জনপ্ৰব্ৰজন হ’ল এখন মহাদ্বীপৰ পৰা আন এখন দ্বীপলৈ !

জুমপাতি বসবাস কৰিবলৈ লোৱা মানে অন্য ঘাটক স্তনধাৰী প্ৰাণীৰ পৰা ৰক্ষা তাৰ পিছৰ পালে ! দহহাজাৰ বছৰৰ পাছত এটা হিমপ্ৰবাহ হ’ল নৰ্থপলত !

মানুহে সুবিধা অনুযায়ী চাইনা আৰু অষ্ট্ৰেলিয়া পালেগৈ ! কিন্তু একাংশ লোকে বৰফাবৃত ঈউৰোপতে থাকি কঠোৰ পৰিশ্ৰম কৰি নিজকে গঢ়াৰ যত্ন কৰিছিল আৰু সফলো হৈছিল !


এনেদৰে সময়ৰ সৈতে মানুহে কঠোৰ পৰিশ্ৰম কৰি কৰি আজিৰ এই পৰ্যাৌত আহি পাইছেহি ! ঐয়া আছিল মানুহৰ সৃষ্টিহোৱাৰ এক চমু বৃতান্ত !বা আলোচনা ! মানুহ সৃষ্টি হোৱাৰ সকলোৰে মতামত বেলেগ বেলেগ কিন্তু বৈজ্ঞানিক দৃষ্টি ভংগীৰে চাবলৈ গ’লে এইয়া শুদ্ধ !

ভাৰতবৰ্ষত মানুহ সৃষ্ঠি হোৱাৰ ওপৰত ধাৰ্মীয় অন্ধবিশ্বাসক মানি চলি আহিছে যাৰ কোনো তথ্য আৰু সঠিক প্ৰমাণ নাই ! যিয়ে নহওক কিয় মানুহৰ কেনেকৈ সৃষ্টি হ’ল ? এই প্ৰশ্নৰ উত্তৰ যথাযথভাৱে 

মই দিবলৈ প্ৰয়াস কৰিছো আশা কৰো পাঠক সমাজে আদৰি লব ! 

লেখক - দুলাল ৰবিদাস




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)