ড.ভীমৰাও ৰামজী আম্বেদকাৰ

Rinku Rajowar
0
দলিত নেতা সংবিধান প্ৰণেতা ড.ভীমৰাও ৰামজী আম্বেদকাৰ নীচকুলত জন্মগ্ৰহণ কৰা গুণী জ্ঞানী, সমাজহিতৈষী,সুলেখক আদি নানা গুনেৰে সমৃদ্ধ এক জ্ঞানৰ ভঁৰাল আৰু নীকুলৰ ব্যক্তিৰ কাৰনে প্ৰকৃত পথ প্ৰদৰ্শক। তেওঁৰ অসীম সাধনা,অটল বিশ্বাস আৰু একাগ্ৰতাৰ বাবেই তেওঁৰ সপোন বিলাক বাস্তব হ'ব ধৰিছে যদিও এতিয়াও বহুতো ঠাইত অস্পৃশ্যতা নিৰ্মূল হোৱা নাই।
          সংবিধান প্ৰণেতা ড.ভীমৰাওৰ জন্ম হৈছিল দক্ষিণ ভাৰতৰ ৰত্নগিৰিৰ আম্বালা গাঁৱত ১৮৯১ চনৰ এপ্ৰিল মাহৰ ১৪ তাৰিখে । তেওঁৰ মাতৃৰ নাম ভীমবাঈ আৰু পিতৃ ৰামজী মালোজী শক পাল। আম্বেদকাৰ ৰ সম্পুৰ্ণ নামটো হৈছেভ ভীমৰাও ৰামজী আম্বেদকাৰ। তেওঁ মহাৰ সম্প্ৰদায়ৰ হোৱাৰ বাবেই জন্মতে পৰা বহু কষ্টেৰে জীৱন অতিবাহিত কৰিব লগা হৈছিল।সমনীয়াৰ লগত খেলিবলৈ গলে লগৰীয়া বিলাকে খেলত অংশ লোৱা নাছিল,পিয়াহত কন্ঠস্বৰ শুকাই গলেও পানী নিদিছিল,তেনেস্থলত আকৌ ছয় বছৰ বয়সতেই মাতৃৰ মৰমৰ পৰা বঞ্চিত হৈছিল। মাতৃহাত্যা আম্বেদকাৰে পেহীয়েকৰ তত্বাৱধানত স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল। স্কুলতো তেওঁক শ্ৰেণীকোঠাত শিক্ষকে বহিবলৈ দিয়া নাছিল,পাঠদান কৰিলে কিতাপ বহীবিলাক দলিয়াই দিছিল ফলস্বৰূপে কনমানি ছাত্ৰ আম্বেদকাৰে চকুপানী টুকিছিল , কিন্তু উচ্চবৰ্ণৰ মানুহ বিলাকে তেওঁ লৈ অকনো মৰম দেখুওৱা নাছিল ,পিয়াহত আতুৰ হৈ পূখূৰীত পানী খাবলৈ গলে পিছফালৰ পৰা শিলগুটিও নিক্ষেপ কৰিছিল। তেওক কৰা এনে আচৰণে যেন  উচ্চ বৰ্ণৰ মানুহৰ লগত থকাটো তেওঁ ৰ পক্ষে জটিল হৈ পৰিছিল।তেখেতৰ মাতৃৰ বিয়োগৰ পাছত দেউতাকৰ চাকৰি সূত্ৰে থকা ঠাই কৰে গাঁৱলৈ  কাকায়েকৰ লগত ট্ৰেইনেৰে যাত্ৰা কৰিছিল যদিও ষ্টেচনৰ পৰা  থকা ঠাইলৈ দুৰত্ব বেছি হোৱাৰ বাবে  গৰুগাড়ী ভাড়ালৈ গৈছিল যদিও তেওঁ লোকৰ কথা বাৰ্তা ত ‌‌‌তেওঁ লোক যে নীচ কুলৰ হয় বুলি গম পাই চালকে নিজে খোজ কাঢ়ি গৈছিল আৰু তেওঁলোকে বাহন চলাই যাব লগা হৈছিল । নীচকুলত জন্মগ্ৰহণ কৰাৰ বাবেই কতো মুক্তমনে বিচৰন কৰিব পৰা নাছিল যদিও হাজাৰ যান্ত্ৰনাৰ মাজতো আম্বেদকাৰ পিছ হুহুকি থকা নাছিল।
        তেওঁ প্ৰাথমিক বিদ্যালয় সাং কৰিলত মুম্বাইৰ এল' ফিনষ্টোন উচ্চ ইংৰাজী বিদ্যালয়ত পিতৃয়ে নাম ভৰ্তি কৰাই দিয়ে যদিও শিক্ষকে তেওঁক অস্পৃশ্য বুলি বিদ্যালয় এৰি যাবলৈ কৈছিল , কিন্তু তেওঁ মনোবল দৃঢ় কৰি নানান দুখ কষ্টেৰে অধ্যয়ন ত ব্ৰতী হৈছিল আৰু সেই বিদ্যালয়ৰ পৰাই তেওঁ প্ৰথম বিভাগত উৰ্ত্তীণ হৈছিল । এনেকৈয়ে হাজাৰ দুখ যাতনাক নেওচি ১৯১২চনত স্নাতক উত্তীৰ্ণ ও হৈছিল,সেইসময়ত দেউতাকৰো মৃত্যু হৈছিল বাবে তেওঁ ৰ আৰ্থিক দূৰাবস্থা দুগুনে বাঢ়িল কিন্তু তেওঁ উচ্চশিক্ষাৰ সপোন আছিল বাবে ১৯১৫ চনত "ৰ পুৰনি ভাৰতীয় বাণিজ্যি"বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল, ইয়াৰ পাছত" বৃটিছ ভাৰতত প্ৰাদেশিক ৰাজহৰ ক্ৰমবিকাশ" বিষয়ৰ ওপৰত গবেষণা মূলক অধ্যয়ন কৰি ১৯১৬ চনত বিশ্ববিদ্যালয় আটাইতকৈ উচ্চ শিক্ষা ডক্টৰ অফ ফিল'চফি লাভ কৰে। তেতিয়া ৰ পৰা আম্বেদকাৰে তেওঁ ৰ নামৰ আগত ড. নামেৰে বিখ্যাত হৈ পৰিল।
           আম্বেদকাৰে দলিত বা হৰিজন সকলক পংকিলতাৰ পৰা উদ্ধাৰ ৰ বাবেই তেওঁ লিখিলৈ বাধ্য হৈছিল।১৯২৪ চনত ভাৰতলৈ আহি তেওঁ গভীৰ চিন্তা গধুৰ , অৰ্থ নীতি, ৰাজনীতি, সমাজনীতি, ধৰ্ম ,আইন,বিষয়ক বহুতো গ্ৰন্থ লিখি উলিয়াইছিল। মুম্বাই ত ওকালতি কৰি থকাৰ সময়তে সেইসময়ত প্ৰচলিত হিন্দুধৰ্মৰ ৰীতি-নীতি বিলাকে তেওঁক বিদ্ৰোহৰ ভাৱ জাগ্ৰত কৰাইছিল,সেয়েহে তেওঁ কলমেৰে "মুকনায়ক"নামৰ আলোচনীখনৰ মাধ্যমেৰে তেওঁ ৰ ভাৱ প্ৰকাশ কৰিছিল, তেখেতৰ আৰু দুখন আলোচনী হৈছে "বহিষ্কৃত ভাৰত","সামন্ত" ইত্যাদি। তেখেতৰ আৰু কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে "দলিত সাহিত্যৰ ধাৰা ", "বুদ্ধ এণ্ড  দি ধৰ্ম", "বুদ্ধ আৰু কাৰ্ল মাৰ্ক্স", "ৰিবলিউশ্বন এণ্ড কাউন্টাৰ ৰিবলিউশ্বন"," ৰিডলছ আৰু হিন্দুইজিম", "ফিল'চফি অব হিন্দু ইজম", ট্ৰায়ক অব ব্ৰাহ্মজম ", ভাগৱত গীতা ফিল'চফিক ডিফেন্স আৰু কাউন্টাৰ ৰিৱলিউশ্বন" এই বিখ্যাত গ্ৰন্থ বিলাকে আম্বেদকাৰ ৰ পাণ্ডিত্য গুনৰ চমকপ্ৰদ নিদৰ্শন দাঙি ধৰে।শেষত ড.আম্বেদকাৰে ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু জটিল গ্ৰন্থ ভাৰতৰ সংবিধান খন ৰচনা কৰি যি মহৎ দান দি গ'ল সেয়া আজিও ভাৰত বাসিৰ কাৰনে চিৰস্মৰণীয়। ভিন্ন ভিন্ন জাতি ধৰ্ম  ভাষা আৰু জীৱন ধাৰণৰ দেশ এখনক এক কৰি ৰাখিবপৰা সংবিধান এখন ৰচনা কৰাটো তেওঁৰ মুখ্য লক্ষ্য আছিল সেয়ে তেওঁ দিনে নিশাই সংবিধান খচৰা প্ৰস্তুতি ৰ কামত লাগি থকাৰ কাৰনে যথেষ্ট কষ্ট হৈছিল ফলস্বৰূপে টোপনিৰ অভাৱত তেখেতৰ স্বাস্থ্যৰ অৱনতি হবলৈ ধৰাত খচৰা সম্পূৰ্ণ কৰিয়েই বিশ্ৰামৰ বাবে বুম্বেলৈ গ'ল তাত এখন শুশ্ৰূষালয়ত  নিৰাময়ৰ বাবে বিশ্ৰাম কৰিবলৈ লৈছিল যাতে  ড.শাৰদা কবীৰৰ লগত পৰিচয় ঘটিল। ডক্তৰে চিকিৎসা কৰাৰ পাছতো তেওঁ ৰ ভগ্ন স্বাস্থ্য নিৰাময় নোহোৱাত তেওঁক পৰিচৰ্যা ৰ বাবে ড.কবীৰক দ্বিতীয় বাৰৰ বাবে বিয়া কৰাইছিল।১৯৪৮ চনত সংবিধান সভাৰ সভাপতি ৰ দায়িত্ব ড. ৰাজেন্দ্ৰ প্ৰসাদক দিলে কিন্তু ড.প্ৰসাদে সেই গধুৰ দায়িত্ব লৈ সামৰনিত আম্বেদকাৰ ৰ কৰ্ম নিপুনতা গুন গৰিমাৰ বিষয়ে উল্লেখ কৰিলে আৰু আজিও সেই সংবিধান খনেই ভাৰত বৰ্ষৰ ত প্ৰচলিত হৈ আছে।
         এইজনা মহান মনিষীয়ে নানান দুখ কষ্ট ,লাঞ্চনা, যান্ত্ৰনা আৰু ঘৃনাৰে ঘৃনিত  হোৱাৰ বাবে জীৱনৰ শেষৰ ফালে বৌদ্ধ ধৰ্মত দীক্ষা লৈ ১৯৫৬ চনৰ ৬ ডিচেম্বৰত তেওঁ ইহলীলা সম্বৰণ কৰে।

📝কল্পনা ৰবিদাস, ৰঙামাটি, গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)