মন দেখোন উৰুৱাই
উন্মনা ফাগুনে
হিয়া খনি কঁপাই যায় ।
কবি সৃষ্টিত সুন্দৰ সুন্দৰ কবিতাবোৰে
হিয়াখনি চুই যায়
কৃষকৰ সৃষ্টিত সেউজী পথাৰত
শ্যামলীমা প্ৰকৃতিৰ শোভা বঢ়াই ।
মন গহনত নীৰৱতাই
বুকু তোলপাৰ লগাই
স্মৃতি ৰোমন্থন ।
বিৰিখৰ কোঁহে কোঁহে
সুকোমল মালা গাঁঠি
পুস্পই আমোলমোলাই ।
🔰ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ