আঘোণৰ সঁফুৰাত

Rinku Rajowar
0
আঘোণৰ সুবাস আহে
সোণগুটিৰ বৰণীয়া সম্ভাৰেৰে
চৌদিশে ছটিয়াই ৰূপৰ নিৰ্য্যাস।
থোৰমেলা শইচেৰে নিকা হোৱা 
আঘোণ আহে লয়লাসী খোজত
অভিমানী কৃষক নাচনী হৈ
গুৰু গম্ভীৰ মনেৰে সুহুৰি বজায়।

লিহিৰী দুহাতৰ আঙুলিৰ পৰশত
শান দিয়া কাঁচিৰ চিকমিকনিত
কৃষকৰ দুনয়নে তিৰবিৰাই
বিমূৰ্ত ভাবৰ জড়তা ভাঙে
সাৰ পাই উঠে হিমশীতল পুৱাত।

আঘোণৰ সঁফুৰাত  মনবোৰ
উলাহতে নাচি উঠে
সাতোৰঙীৰ কাৰেং সাজে।

🔰নবীন কুৰ্মী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)