মূল্যবৃদ্ধি

Rinku Rajowar
0

বৰ্তমান ভাৰতবৰ্ষৰ অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ভিতৰত মূল্যবৃদ্ধিও এটা গুৰুত্বপূৰ্ণ বিষয় ৷

এই মূল্যবৃদ্ধিয়ে দেশৰ সাধাৰণ জনতাক জুৰুলা কৰি পেলাইছে ৷ 

বজাৰত বস্তুৰ যিহে আকাশ চুই যোৱা দাম

বাছ ভাড়া বৃদ্ধিৰ ফলত যাত্ৰীৰ বাবে এক বিষম সমস্যা ৷ দ্ৰব্যমূল্য  যিমান বৃদ্ধি পাইছে সিমান ক্ৰয় ক্ষমতা বৃদ্ধি পোৱা হ’লে চিন্তাৰ বিষয় নহলেহেঁতেন ৷ 

দেশ স্বাধীন হোৱা কুৰি বছৰ অতিক্ৰম কৰিবৰ হ’ল কিন্তু মুল্যবৃদ্ধি নিয়ন্ত্ৰণ নহল ৷

ভাৰত চৰকাৰে মূল্যবৃদ্ধিক লৈ কোনো পদক্ষেপ লোৱা দুৰৰ কথা ইয়াৰ ওপৰত কাণসাৰেই নাই ৷ বৰ্তমান চৰকাৰে দেশৰ আৰ্থিক দিশত জুৰুলা হৈ পৰাৰ বাবে দ্ৰব্য মূল্য অতি বেছি বৃদ্ধি কৰিছে বেচেৰা সাধাৰণ জনতাৰ অৱস্থা একেবাৰে জুৰুলা হৈছে ৷ 

সোনকালে যদি মূল্যবৃদ্ধি ৰোধ নহয় তেতিয়া দেশৰ জনতাৰ মাজত দুখ কষ্ট আৰু দাৰিদ্ৰতাই ভুমুকি মাৰিব ফলস্বৰূপে 

দেশৰ উন্নতিৰ পথত বাধা পৰিব ৷

আমাৰ দেশত তিনিটা শ্ৰেণী আছে দৰিদ্ৰ শ্ৰেণী যি দুবেলা দুমুঠি খবলৈ দিন হাজিৰা কৰে ৷ দ্বিতীয় শ্ৰেণীটো হ’ল মধ্যবিত্ত শ্ৰেণী এই শ্ৰেণীৰলোকৰ ক্ৰমে ক্ষমতা সীমিত যদি দ্ৰব্যমূল্য এনেকৈ বৃদ্ধি পাই তেনেহলে এই শ্ৰেণীৰ লোকৰ বাবে বহুত ডাঙৰ সমস্যা ৷

আনটো শ্ৰেণী ধনী শ্ৰেণী এই শ্ৰেণীৰ লোকৰ ক্ৰয় ক্ষমতা অসীম গতিকে মূল্যবৃদ্ধিয়ে এই শ্ৰেণীৰ ওপৰত কোনো প্ৰভাৱ নেপেলাই ৷

গতিকে এতিয়া সমস্যা হ’ল দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে ৷ এই দুই শ্ৰেণীৰ মাজত অতি শীঘ্ৰেই অভাৱ অনাটন দেখা দিব ফলস্বৰূপে দেশত ধৰণা , ধৰ্মঘাট , অপৰাধ , আত্মহত্যা , আতংক আদিৰ ভয়াবহ সমস্যাই দেখা দিৱ ৷ কলঘৰত কাম কৰা লোক আৰু চাহশ্ৰমিকে দৰমাহা বৃদ্ধিৰ বাবে সংগ্ৰাম কৰিব লগাত পৰিব ফলত চকা বন্ধ  ,বজাৰ বন্ধ হব ৷ ইয়াৰ ফলত বণিক শ্ৰেণী আৰু মালিক শ্ৰেণীৰ মাজত হাহাকাৰ সৃষ্টি হব ৷ এইবোৰ ঘটনাই মূৰ ডাঙি উঠিলে দেশ অদ্ধপতনমুখী হব ৷

এতিয়া আমি জানিম মূল্যবৃদ্ধিৰ কাৰণ নো কি ?

আমাৰ দেশত মূল্যবৃদ্ধি হোৱাৰ বহুত কাৰণ আছে ৷ দ্ৰুতগতিত জনসংখ্যা বৃদ্ধি , অবৈধভাৱে বাংলাদেশীৰ প্ৰবেশ , নিবনুৱা সমস্যা এটা বৃহৎ সমস্যা , দৈনন্দিন পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি , মূদ্ৰাস্ফিতিৰ ফলত বহুতো অবৈধ কাৰবাৰী , দেশৰ বাজটত ঘাটা  . শস্য উৎপাদন পৰিমাণ কম এইখিনি হৈছে মূল্যবৃদ্ধিৰ মূল কাৰণ ৷

এতিয়া আমি আলোচনা কৰিম মূল্যবৃদ্ধিক প্ৰতিকাৰ কেনেকৈ কৰিব পৰা যাব ৷

মূল্যবৃদ্ধিত অধিক ক্ষতিগ্ৰস্ত হৈছে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকল ৷ 

গতিকে সুপৰিকল্পিতভাৱে মূল্যবৃদ্ধিক প্ৰতিৰোধ কৰা অতি জৰুৰী 

চৰকাৰে অধিক টকা ছপোৱা বন্ধ কৰিব লাগে ৷ 

উৎপাদন বৃদ্ধি কেনেকৈ হব ইয়াৰ সুপৰিকল্পিত ব্যৱস্থা চৰকাৰে শীঘ্ৰে লোৱা উচিত ৷

চোৰাং ব্যৱসায় ৰোধ কৰিবলৈ চৰকাৰে নিয়ম জাৰি কৰিব লাগে ৷

নিবনুৱা সমস্যা কম কৰিবলৈ চৰকাৰে সঠিক পৰিকল্পনা কৰিব লাগে ৷

গতিকে দেশৰ উন্নতি আৰু শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ হ’লে মূল্যবৃদ্ধিক প্ৰতিকাৰ কৰাটো বাঞ্ছনীয় ৷ এইক্ষেত্ৰত ভাৰত চৰকাৰে সোনকালে সঠিককৈ সিদ্ধান্ত গ্ৰহণ কৰিব মই এই লিখনিৰ জৰিয়তে বিনম্ৰ অনুৰোধ জনাইছো গতিকে মৰমৰ পাঠক সমাজে লিখনিটো চেয়াৰ কৰি আৰু নিজৰ মন্তব্যৰে মূল্যবৃদ্ধি প্ৰতিকাৰ কৰাত সহযোগ  কৰিব বুলি মই আশাম্বিত হ’লো ৷

⬛ লিখক – দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)