তোমাৰ স্থায়ী ঠিকনা |
নৈবোৰক সুধিবাচোন
তুমি নহলে
সিহঁতে ওফোন্দ পাতেনে ?
তুমি নহলে
গছত কুঁহিপাত নেমেলে
পাহাৰবোৰ লঠঙা হয়
মাটিয়ে চিৰাল ফাট মেলে
সকলোৰে মাতবোল
নোহোৱা হয় |
চৰায়ে গান নাগাই
তুমি বিহিন কথা এটা
ভাবিবই নোৱাৰি |
তুমি তোমাৰ ঠিকনালৈ
আহিবাই
আমি যে অভিন্ন
আমাৰ মাজত
একেই সুৰ
একেই সংগীত |
সংগীত বিহিনতা বাৰু
জীৱন হয়নে ???
📝 হেমেন হাজৰিকা (মিৰ্জা)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ