মোৰ শুকান কলিজাৰ কুহিঁপাত

Rinku Rajowar
0
সুৰুযৰ প্রথম কিৰণত
নব্য কুহিঁপাতে গজালি মেলিছে 
মোৰ শুকান কলিজাত।
খৰালিৰ ৰ'দত চিৰাল ফাট মেলিছে 
গছৰ  তলসৰা পাতৰ দৰে 
মোৰ শুকান কলিজা।

মই নাজানো? কেনেকৈ জীপ পাই উঠিছে
খৰালিৰ প্ৰখৰ উত্তাপত জীৰ্ণ শীৰ্ণ হৈ শুকাই যোৱা 
মোৰ শুকান কলিজাই
গছৰ শুকান পাতৰ দৰে জহি খহি যোৱা 
মোৰ এই শীৰ্ণ কলিজাই 
অনুভৱ কৰিছে এক বিন্দু সুপ্ত তেজৰ 
প্রাণ পাই উঠিছে মোৰ কলিজাই 
আকৌ ন কুহিঁপাত মেলিছে 
ন পোখা মেলি
নব্য ধাৰাৰে পুলকিত হৈ 
কৰিবলৈ ধৰিছে এক ন স্পন্দন 
মোৰ শুকান কলিজাই। 

 📝 শ্ৰী বিশ্বজিৎ দাস 
                                   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)