মানুহবোৰে কান্দিছে

©Admin
0

আজি, মোৰ নদীখন ক'ত?
আকাশখন?
চৰাইবোৰ ?
প্ৰিয় গছবোৰ ক'ত?
মানুহবোৰ আজি বন্দী!
এই কথা 
প্ৰকৃতিয়ে নাজানে ৷

পৃথিৱীৰ অসুখ, 
ৰক্তিম সুৰুযৰ 
প্ৰচণ্ড উত্তাপত
কাম কৰা জনগনৰ 
জীয়াই থকাৰ হাঁহাকাৰ  
আজিৰ দৰে জীয়াতু 
ভুগিব লাগিব অনেক দিন ৷

মানুহে মানুহৰ বাবে ৰৈ আছে 
নিস্তব্ধ পৃথিৱীত 
এমুঠি খাই,এমুঠি নাখাই 
অন্তহীন অভাৱৰ যাত্ৰাত সিহঁত ৷

বেলি উঠে 
আৰু ডুব যায় 
নদীৰ বুকুত 
কি যে আনন্দৰ দিন আছিল,
উৎসাহেৰে ওলাই আহিছিল
দিনবোৰ উপভোগ কৰিবলৈ
দুচকুত ৰঙীন সপোন লৈ ৷ 

পৃথিৱীৰ বুকুত 
জঁপিয়াই পৰিছিল
এজাক মানুহ,
আজি, পৃথিৱীয়ে কান্দিছে
মানুহবোৰে কান্দিছে 
অথচ মানুহবোৰ দায়ী 
বিশাল প্ৰকৃতিৰ ওচৰত ৷

📝প্ৰণৱ খাৰজাৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)