জয়মতী
আছানেকি এতিয়াওঁ তুমি
হৈ আকাশৰ তৰা এটি
চোৱা নেকি জুমি জুমি
জয়সাগৰত ডুব যোৱা
আবেলিৰ হেঙুলীয়া বেলি।
জয়মতী
তোমাৰ ত্যাগৰ বাবেই
আজিও আছে জিলিকি
জয়সাগৰৰ ফটিক পানী
ৰং ঘৰ, ৰাজ-কাৰেং
স্বৰ্গদেউৰ চহৰৰ সোণালী ৰাজধানী।
চাবুকৰ কোৱত চকুলো সামৰি
আশে পাশে আজিয়ো আছে গজি
কুঁটকুঁৰা গছকেইজোপি।
জয়মতী
তোমাৰে স্মৃতি বুকুত সাঁৱটি
এইবাৰো বৰকৈ ফুলিছিল
পুখুৰী পাৰৰ পলাশ কেইজোপি।
পৰিভ্ৰমী পক্ষী জাকে
মাতিছিল ডিঙি মেলি
লাহ্ দিয়া আবেলিৰ
হেঙুলীয়া বেলি।
জয়মতী
আজিয়ো দেখো সেই
তেজেৰে চেঁকুৰা বন্ধা
নিৰ্মম দিনৰ নিদাৰুণ ছবি।
চিৰাল ফঁটা চ'তৰ
চৌধ্যটা হটঙা বেলি
মুৰত লৈ কিদৰে সহিলা
চাওডাঙৰ চমতাৰ চাত।
জয়মতী
মনত পৰিলে আজিও উঠে কঁপি
হাজাৰ জনৰ শিলৰ বুকু।
শুনিছিলো
অন্তঃসত্বায়ো আছিলা হেনো তুমি!
সম্ভ্ৰান্ত পৰিয়াল বোৱাৰী তুমি
বোপাইৰ আলসুৱা জী
পথাৰৰ মাজত কিয় হ'ল
আঊলি- বাঊলি ঘন-ক'লা চুলি।
যাতনা সহি সহি হাঁহি মুখে থাকি
নিদিলা স্বামীৰ বাতৰি
ভেশ ধৰা গদাপাণিকো পঠালা খেদি।
ভোকে-লঘোনে থাকি চৌধ্যটা
যান্ত্ৰনা কাতৰ দিন
ভাগৰি পৰিলা তুমি
বৰদৈ-চিলা অহা
সিদিনা চ'তৰ আবেলি।
যুগলৈ খ্যাতি ৰাখি
গুচি গ'ল তুমি,
জেৰেঙাৰ বক্ষ বিদাৰি
আজিও উঠে ভাঁহি
কান্দোনৰ সুৰ এটি
চ'তৰ নিজম ৰাতি।
পাহাৰৰ পৰা ভৈয়াম একাকাৰ কৰি
চ'তোৱা চৰাই হৈ আহে গদাপাণি
তোমাকে বিচাৰি থাকে
কান্দে বুকু ভাঙি
বসন্তৰ নিমাও-মাওঁ ৰাতি ।
📝 প্ৰবিন দত্ত/ শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ