কৰোণাৰ বিষাদৰ অশ্ৰুনদীত,
সাঁতুৰিছে পৃথিৱী ।
কৰোণাৰ ভয়ত
থৰহৰি কম্পমান ।
কোনেওঁ বচাব নোৱাৰে
যদি নিজে নিজকে নবচোৱা ।
কৰােণাই গ্ৰাস কৰা পৃথিৱীৰ
উশাহ থমকি গৈছে ।
ভাইৰাছৰ লগত
যুদ্ধত অৱতীৰ্ণ
মানৱে -
ভীতিগ্ৰস্ততাত ভুগি
মৃত্যুক সাৱতি ল'লে ।
মৰা -তেজৰ নদীত
নাই বাইচা
ভাইৰাছ বিলনীয়াই ।
উসঃ কি বীভৎস দৃশ্য !
শাৰী শাৰী মানৱৰ মৃতদেহ
সেই মৃত আত্মালৈ শ্ৰদ্ধাঞ্জলী ।
শ্ৰদ্ধাঞ্জলী,
সেই মহামাৰীত মৃত আত্মালৈ ।
📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ