শুভ বাৰ্তা

©Admin
0

১ / আপোনাৰ বেয়া সময়খিনিক আপুনি ধন্যবাদ জনাব ৷

কাৰণ সেই বেয়া সময়ে আপোনাক জীৱনত আগবাঢ়ি যোৱাত প্ৰেৰণা যোগালে ৷


২ / আনৰ ওপৰত কেতিয়াও আশা নকৰিব ৷

কাৰণ আপুনি আনৰ ওপৰত আশা কৰিলে

নিৰাশাৰ অবিহনে একো নাপাব ৷


৩ / যি আত্মা বিশ্বাস হেৰুৱাই সি সকলো হেৰুৱাই ৷

গতিকে আপোনাৰ জীৱনত যিমানেই সমস্যা সৃষ্টি

নহওক কিয় আত্মা বিশ্বাস কেতিয়াও নেহেৰুৱাব ৷


৩ / প্ৰতিটো নতুন কাৰ্যই প্ৰথমত কঠিন যেন লাগে ৷

গতিকে প্ৰতিটো কাৰ্যই প্ৰথম অৱস্থাত কঠিন যেন লাগে কিন্ত আৰম্ভ কৰাৰ পাছত সহজ হৈ পৰে ৷


৪ / আপোনাৰ দৃষ্টিকোণে আপোনাৰ জীৱনৰ অগ্ৰগতিৰ নিৰ্ণয় কৰে ৷ 

হয় আপোনাৰ দৃষ্টিকোণৰ ওপৰতেহে আপোনাৰ জীৱনৰ উন্নতিৰ কথা নিৰ্ভৰশীল যেনেকৈ ভাৱিব তেনেকৈ হব ৷


৫ / নিশ্চয় পথ সলনি কৰক কিন্ত লক্ষ্য নহয় ৷

কাৰণ আপুনি আপোনাৰ কাম কৰাৰ ধৰণ সলনি কৰিব পাৰে কিন্ত লক্ষ্য কেতিয়াও সলনি নকৰিব ৷


৬ / যিটো পৰিশ্ৰমকপৰা আপুনি পলাইছ সেইয়াই আপোনাক লক্ষ্য দিব ৷

নিশ্চয় আজি আপুনি পৰিশ্ৰম কৰিবলৈ ভয় কৰিছে কিন্ত

সেই পৰিশ্ৰমৰ পাছত আপোনাৰ সফলতা আছে ৷


৭ / ভাল নিশ্চয় হব কিন্ত তাক প্ৰমাণ কৰাৰ প্ৰয়াস নকৰিব 

গতিকে আপনি এজন ভাল ব্যক্তি হওক কিন্ত সেয়া আনৰ আগত প্ৰমাণ কৰাৰ কোনো প্ৰয়াস নকৰিব সেইয়া নিজে প্ৰমাণিত হব ৷


৮ / সেই লক্ষ্যই বিচাৰক যিয়ে আপোনাৰ বাবে উপযুক্ত ৷

সেইহে আপুনি এনে এটা লক্ষ্যৰ বাচনি কৰক যিটো আপোনাৰ ক্ষমতা থাকে ৷ আনক চাই নকৰিব ৷

 📝  দুলাল ৰবিদাস




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)