অসমীয়া সাহিত্যৰ চানেকি মোৰ অনুভৱ

Rinku Rajowar
0
শুভ কামক ব্ৰতী হোৱাটোৱেই শুভকামৰ সাৰ্থকতা | অসমৰ চুকে কোণে সিঁচৰতি হৈ থকা অখ্যাত লেখক লিখিকা সকলক সমাজত উপযুক্তভাবে চিনাকি কৰি দিয়াৰ এক মহান লক্ষ্য আগত লৈ ৰিণ্টু কুৰ্মী আৰু তেওঁৰ কেইজনমান সহযোগীয়ে এটা ভাল কাম হাতত লৈছে |
         তেওঁলোকে এইবৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ এটা শুভকামৰ শুভ আৰম্ভণী ঘটাইছে | কামটো হ'ল তেওঁলোকে এখন দৈনিক ই - আলোচনী প্ৰকাশ কৰিবলৈ লৈছে | কামটো জটিল | জটিল বুলি জানিও অসমীয়া সাহিত্যৰ চানেকি নামেৰে এখন ই আলোচনী জন্ম দিলে | কামটো খুবেই জটিল |
      বিৰতিহিন ভাবে আজিলৈ কেবাটাও শিতানেৰে সমৃদ্ধহৈ ই - আলোচনীখনে গতি লোৱাটো আমাৰ দৃষ্টি গোচৰ হৈছে | এখন আলোচনীৰ কাম কৰাটো কিমান জটিল সেয়া আলোচনীখনৰ সৈতে জড়িত হৈ থকাখিনিয়েহে উপলব্ধি কৰিব পাৰে | এখন মাহিলি আলোচনীৰ কাম কৰাটোৱেই কিমান কষ্টসাধ্য, তাতে আকৌ দৈনিক | ৰিণ্টুহঁতে কৰা দৈনিক আলোচনীখনৰ কাম কিমান দুৰুহ আৰু কষ্টসাধ্য আমি অনুমান কৰিব পাৰিছোঁ তাৰবাবে তেওঁলোক ধন্যবাদৰ পাত্ৰ | 
আলোচনীখন কবিতা,গল্প,ৰসৰচনা,প্ৰৱন্ধ,উপন্যাস আদি ভিন্নস্বাদৰ ৰচনাৰে সমৃদ্ধ হোৱাকৈ সজাবলৈ প্ৰয়াস কৰিছে | একেবাৰে পানী কেচুৱা অৱস্থাত থকা দুই এটা ভূল থকাটো কোনো অস্বাভাৱিক নহয় | তথাপিও তাৰ এটা সুন্দৰ ভৱিষ্যত যে আছে তাৰ ৰেঙণি আমি দেখিছো  | ধাৰাবাহিক উপন্যাস ৰুণজুন, বেবেৰিবাং, আধৰুৱা প্ৰেমৰ কাহিনী একোখন সুখপাঠ্য উপন্যাস হৈছে | তাৰোপৰি সমসাময়িক ঘটনাৰাজিৰ বিষয়বস্তুৰ লেখাও আলোচনীখনত প্ৰকাশ পাইছে | ইয়াত প্ৰকাশ পোৱা কবিতাখিনিৰ মানো উন্নত |  আলোচনীখনৰ উজ্বল ভৱিষ্যত কামনা কৰিলো  |

  📝হেমেন হাজৰিকা (মিৰ্জা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)