দক্ষিণ কামৰূপৰ সুঁৱৰী উচব এক অৱলোকন-০৬

Rinku Rajowar
0
যোৱা সংখ্যাৰ পিছৰ পৰা--- 
এইটো লক্ষণীয় যে যদিও দধিমন্থন উচবৰ কাহিনীভাগ মাধৱদেৱৰ দধিমথন বা অৰ্জুন ভঞ্জন নাটৰ লগত হুবহু একে , তথাপিও ঠাইবিশেষে মূল ঘটনাৰ লগত কংসবধ আৰু পত্নীপ্ৰসাদ নাটৰ সংযোগ ংন কৰিবলগীয়া | তেজপুৰ, ১নং জীয়াকুৰ ,বঙৰা, পাৰ্ল্লী,আদি ঠাইত মূল ঘটনাৰ লগত কংসবধ নাটৰ ঘটনাংশ সামৰি লোৱা হয় | আনহাতে ৰামপুৰৰ দধিমন্থন উচবত মূল ঘটনাৰ লগত পত্নীপ্ৰসাদ নাটৰ ঘটনাংশ সামৰি লোৱা হয় | হয়তো বালক কৃষ্ণৰ ঐশ্বৰিক মহিমা প্ৰদৰ্শন কৰি ভক্তগনৰ মাজত ধৰ্মভাৱ গাঢ় কৰাৰ মানসেৰে উক্ত ঘটনাংশ সংযোগ কৰা বুলি অনুমান কৰিব পাৰি  |
দিনৰ ভাগতে অভিনয় কৰা এই অনুষ্ঠানটিত লোক বিশ্বাস জড়িত হৈ থকাৰ কথা জানিব পাৰি | কোনো সন্তানহীনা দম্পতীয়ে দধিমন্থন উচবৰ সময়ত ৰাম-কৃষ্ণৰ শ্ৰী চৰণত শৰাই আগবঢ়াই সন্তান লাভ কৰি সেই দধিমন্থন উচবতে কৃতজ্ঞতাৰ চিনস্বৰূপে নিজ পুত্ৰক শ্ৰীকৃষ্ণ, বলোভদ্ৰ সজাই অনুষ্ঠানটিলৈ আগবঢ়ায় | আনহাতে ৰামকৃষ্ণ আৰু বাৰগোপালক নিজহাতে পিঠা, পৰমান্ন আৰু মিঠাই আদি খুৱালে নিজৰ অভীষ্ট সিদ্ধি হয় বুলি গাঁওবাসীয়ে গভীৰ আন্তৰিকতাৰে বিশ্বাস কৰে | বালকসকলে পিচৰ দিনাখন নিজৰ নিজৰ অঞ্চলটোত ধুৰাগীত গাই ৰাইজৰ কল্যাণ সাধন কৰে | আগলৈ---

📝হেমেন হাজৰিকা
                      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)