নিলাঞ্জনা -০২

Rinku Rajowar
0
জানা নিলাঞ্জনা তুমি এৰি যোৱা দিন ধৰি মই বৰ অকল শৰীয়া হৈ পৰিলো অ'।
মোৰ সংগী বুলিবলে মাথো তুমি দিয়া আশা বোৰ,
তুমি দিয়া আধৰুৱা প্ৰতিশ্ৰুতি বোৰ 
তোমাৰ লগত দেখা মিঠা সপোন বোৰ 
স্মৃতি হিচাপে বুকুত সাৱতি লৈ জীয়াই আছো 
মাথো 
ব্যস্ত নগৰীৰ ব্যৰ্থ  বলিয়া দেৱদাস হৈ।
সকলো শেষ হৈ গ'ল নিস্তব্দ নিমাত মোৰ মূখৰ মাত।অভিমন্যুৰ দৰে বেহুৰ পৰা ওলাব নোৱাৰা কৈ কিয় তুমি ৰাখিলা 
মোক তুমি তোমাৰ মিছা প্ৰেমৰ মায়া জালেৰে বান্ধি।
সোমাওতে সোমালাে কিন্তু তোমাৰ মিছা প্ৰেমৰ মায়াজালৰ পৰা মই ওলোৱাৰ বাট বিচাৰি পোৱা নাই অ'।
তুমি গুছি গ'লা নিলাঞ্জনা 

এতিয়া তুমি সুখী,
কিন্তু মই সুখী হ'ম নে 
দুখী হ'ম,
হাঁহিম নে কান্দিম 
একোৱেই ভাবি পোৱা নাই।
নিলাঞ্জনা কিয় তুমি মোৰ মৰম পাহৰি মোক এৰি আনৰ বুকুত  সোমালা?
মই ধনৰ ধনী নাছিলো সেই বাবেই নেকি?
নে তোমাক দামী দামী উপহাৰ দিব নোৱাৰাৰ বাবে কিয় নিলাঞ্জনা কিয়?
নোৱাৰো মই তোমাক Ktm,duke বা ducati ত উঠাই ঘূৰাবলৈ।
মোৰ Dslr কেমেৰাও নাছিলে তোমাক ধুনীয়া ধুনীয়াকৈ ফটো উঠাবলৈ।মোৰ সিমান খিনি সামৰ্থও নাই।
নে সেই বাবেই এৰি থৈ গ'লা?
কিন্তু তোমাক কেতিয়াও দুখত বা ভোকত থাকিবলৈ নিদিলো হেতেন নিলাঞ্জনা।
আকৌ কৈছো সুখী হোৱা তুমি সুখৰ হওক তোমাৰ যুগ্ম জীৱন।
সুখৰ হওক তোমাৰ যুগ্ম জীৱন।
নিলাঞ্জনা।

📝দ্বীপ দীপাঙ্কৰ লাহন।
     বিশ্বনাথ,গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)