ধৰ্মান্তৰ

©Admin
0

              

 ধৰ্ম ধৰ্ম বুলি কিয় কৰা হাহাকাৰ

ধাৰ্মিক বুলি নিজক কিয় কৰা প্ৰশংসা

মন্দিৰ, মছজিদ, গীৰ্জা গৈ 

মূৰ তল কৰি কৰা প্ৰণাম

ঈশ্বৰ, আল্লা, গ’ড বুলি

কৰা বাৰম্বাৰ স্মৰণ ।


কিন্তু 

মন্দিৰ, মছজিদ, গীৰ্জাৰ পৰা আহি

আনক কিয় কৰা তিৰস্কাৰ, অত্যাচাৰ

এই তিৰস্কাৰ, অত্যাচাৰত ধৰ্ম নাথাকে

ধৰ্ম তাত থাকে য’ত থাকে

মানবীয়তা, জ্ঞান, সন্মান, প্ৰেম, বিশ্বাস।


নালাগে মন্দিৰ, মছজিদ, গীৰ্জা গৈ

ঈশ্বৰ, আল্লা, গ’ডৰ নামত ধন দক্ষিণা দিবলৈ

পাৰিলে সেই ধনেৰে দৰিদ্ৰক কৰা সহায়

এসাঁজ তৃপ্তিৰে দিয়া খাবলৈ ।


ধৰ্ম ধৰ্ম বুলি ধৰ্মক কৰিব নালাগে তিৰস্কাৰ

প্ৰকৃত ধৰ্ম সেয়াই, য’ত মানুহে মানুহক চিনিব পাৰে,

বুজিব পাৰে, মানবীয়তা আছে য’ত সেয়াই ধৰ্ম ।

ধৰ্মৰ প্ৰকৃত অৰ্থ বুজিবলৈ চেষ্টা কৰা

ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাই কোৱাৰ দৰে -

মানুহেই যে মানুহৰ বাবে সেই কথা কৰা উপলব্ধি

তেতিয়া বুজিবা ধৰ্মৰ প্ৰকৃত অৰ্থ ।


 📝শিৱাংগী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)