স্বৰ্গীয় প্ৰেম

©Admin
0



মােক 'মই' হৈ থাকিবলৈ দিয়া,
আৰু
মই  তোমাক  'তুমি' হোৱাতো বিছাৰো ।
তুমি 'মােৰ' হৈ থাকা ।
প্ৰেমবােৰ নিভাঁজ হৈ থাকক
কলুষিত নকৰিবা ।
মােৰ প্ৰেমে খােজ দিলে - তুমিও দিবা,
তোমাৰ খােজবােৰ হিচাব কৰি -
"শব্দবােৰ" হৃদয়ত ভৰাই থম ।

আবেগৰ নিশ্বাসবােৰ 
অনুভৱ কৰা ।
হৃদয়ক  আমনি নকৰিবা -  দুখ পাব ।
হৃদয়ে যি বিছাৰে তাকেই দিবা ।

ভালপোৱাৰ জোনাক বিছাৰি যাম
নদীৰ সিপাৰে ,
ডাৱৰৰ  তুলাৰ লগত মনবােৰ উৰুৱাই দিম
মন উৰিব বহু দূৰ দিগন্তলৈ
যত কোনাে নাথাকিব ।
হৃদয় ভৰাই ভাল পাম
দুয়াে - দুয়ােকে ।

মােক 'তোমাৰ' বাবে ভাবিবলৈ দিয়া
মাথাে ভাবিবলৈ দিবা 
আৰু 
তুমিও ভাবিবা ।
আমাৰ প্ৰেম স্বৰ্গীয় হওঁক ।

মােক 'মই' হৈ থাকিবলৈ দিয়া ।
মােক 'তোমাৰ' বাবে প্ৰাণভৰি ভাবিবলৈ দিয়া ।


📝 মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)