বিজ্ঞান বৰদান নে অভিশাপ ?

©Admin
0

"অভাৱে আৱিষ্কাৰৰ মূল " পূৰ্বৰেপৰা মানুহে নিজৰ অভাৱবোৰ পুৰণ কৰাৰ প্ৰচেষ্টা আৰু জিজ্ঞাসু  মনোভাৱে বিজ্ঞান জগতত নিতৌ নতুন আৱিষ্কাৰ , নিতৌ একোটা প্ৰকৃতিৰ ৰহস্যভেদ কৰিবলৈ প্ৰয়াস কৰি আহিছে যাৰ ফল

আজি আমাৰ সন্মুখত দেখা পাইছো ৷

বৰ্তমান বিজ্ঞানৰ অবিহনে জীৱন যাপনৎ কৰাৰ কথা মানুহে ভাৱিবই নোৱাৰে আৰু এইয়া অসম্ভৱ ৷

ৰাতিপুৱাৰপৰা ধৰি ৰাতিপুৱালৈকে আজি আমি বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল ৷


যানবাহনৰ , ৰে'ল , উৰাজাহাজ , টিভি , ফ্ৰীজ , ফেন , এ চি , বিজুলী বাতি , কম্পিউটাৰ , মবাইল আদি কে ধৰি আমাৰ প্ৰয়োজনীয় সকলো সামগ্ৰী বিজ্ঞানৰ সৃষ্টি ৷

বিজ্ঞানৰ আন এটা প্ৰধান আৰু অদ্ভুত আবিষ্কাৰ হ'ল ইণ্টাৰনেট , এই আবিষ্কাৰে পৃথিৱীখনক এখন সৰু গোলকীয় গাৱঁত পৰিণত কৰিছে ৷

বৰ্তমান  ইণ্টাৰনেটৰ ব্যৱহাৰ অতিমাত্ৰা বৃদ্ধি পাইছে , সকলো সা সুবিধা বৰ্তমান ইণ্টাৰনেটৰ সহায়ত ঘৰত বহিয়ে 

খুব কম সময়ৰ ভিতৰত যিমানেই কঠিন কাম নহওক কিয় নিমিষতে সম্পূৰ্ণ হৈছে ৷ যেনে - অফিচত তথ্য সংগ্ৰহ কৰা দেশৰ তথা পৃথিৱীৰ যিকোনো ঠাইত পঠোৱা পলকতে সম্ভৱ হৈছে ৷ কথা বতৰা ,  যিকোনো বিষয়ে অনুসন্ধান আৰু ঘৰতে বহি যিকোনো বিষয়ত শিক্ষাগ্ৰহণ আজি ইণ্টাৰনেটৰ আৱিষ্কাৰৰ ফলত সহজ আৰু

 অতি বেগী হৈছে ৷

ইণ্টাৰনেটৰ আন এটা আৱিষ্কাৰ হ'ল গুগল এই আৱিষ্কাৰে আামাৰ কামবোৰ আৰু ইচ্ছাবোৰ পুৰণ কৰাৰ ক্ষেত্ৰত

উত্তম ভূমিকা পালন কৰিছে ৷


বিজ্ঞানে আমাক বহত আৰাম আৰু নিৰাপত্তা দিয়াৰ লগতও মুল্যবান সময়ৰ অপচয় হোৱাত সুৰক্ষা প্ৰদান কৰিছে ৷ কিন্ত যিকোনো বস্তুৰ অতিমাত্ৰা প্ৰয়োগৰ ফলত বেয়া ফলাফল দিয়াতো সাধাৰণ কথা ৷

গতিকে নিতৌ নতুন আৱিষ্কাৰ আৰু ৰহস্য উদঘাটন কৰাৰ

মনোবৃত্তিৰে আমি প্ৰকৃতিৰ ওপৰত বহুত বেছি অত্যাচাৰ কৰিবলৈ ধৰিছো কবলৈ গ'লে নিজৰ সা সুবিধা পুৰণ কৰাৰ নিমিত্তে প্ৰকৃতি জগতত ধ্বংস কৰিবলৈ লৈছো 

এচাম স্বাৰ্থপৰ মানুহে নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পুৰণ কৰিবলৈ গৈ আনৰ অিত অহিতৰ চিন্তা নকৰি প্ৰকৃতিক বিপুল পৰিমানে

নিশেষ কৰাত লাগিছে ৷ যাৰ ফলত আমি নিতৌ নতুন বিপদৰ সন্মুখত পৰিছো তাৰে জ্বলন্ত উদাহৰণ হ'ল - 

বিশ্বত মৃত্যুৰ মেলা পতা , এক আতংকৰ সৃষ্টি কৰিছে যাৰ

নাম শুনিলে মানুহ  ভয়ত পেপুৱা লাগে যাৰ নাম হৈছে " কৰ'না ভাইৰাছ " হয় এই মহামাৰীৰ কবলত আজি সৰ্ব বিশ্ব যাৰ কোনো সদাধান বৰ্তমানলৈকে বৈজ্ঞানিকে উলিয়াব পৰা নাই ৷ য'ত সুখৰ মেলা বহিছিল তাত আজি মৃত্যুৰ তাণ্ডৱ চলিছে ৷ আৰু ইয়াৰ কাৰণ আমি মানুহ যি নিজে নিজৰ ভৰিত কুঠাৰ মাৰিছো ৷ ভুল কৰিছো কিছুলোকে কিন্ত ভোক্তভোগী সকলো মানৱ জগত ৷


গতিকে নিজৰ ইচ্ছা, মনোবাঞ্ছা ,জিজ্ঞাসা ৰ পৰিমাণ কমোৱ উচিত ৷ নিজৰ ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰি প্ৰয়োজন অনুসাৰে আৰু প্ৰকৃতিৰ অনিষ্ট নকৰাকৈ

 কাম কৰিব লাগে নহলে এদিন এই পৃথিৱীৰপৰা 

মানৱ সভ্যতাৰ সূৰ্য্য ডুব যাব ৷


📝 দুলাল ৰবিদাস


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)