জীৱনৰ স্তৱক

©Admin
0

১)দুৰ্কপলীয়া সপোনটিৰ এটা মূৰ 
শুই পৰে আইৰ আঁচলৰ
সেউজ পথাৰত
আৰু আনটো মূৰ বুকুত
চলং ৰূপী দলং।


২) মোৰ শৰীৰটোৱে আজি
   গান এটি গুণ গুণাইছে
   কাৰণ উপহাৰ পাইছোঁ
   তোমাৰ এটি মৌ মিঠা হাঁহি
   বিনিময়ত
   মোৰ শৰীৰৰ আধা তেজ।


৩) নিমাওমাও কোলাত শুই
   নিসংগতাৰ গান শুনি
   দুখৰ দলিছাখনিক সাৱতি ধৰি
   বেদনাৰ জুইত
    গলি আছোঁ মই


   অকণমান মৰম বিচৰা
   মোৰ কলিজাখনে কয়
   মৰম অবিহনেই 
   তোৰ জীৱন ৷

  ✍️নয়ন জ্যোতি শইকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)