মাছৰোকা

©Admin
0
ৰামধেনু সাকুখনেৰে
মাছ খোৱা চৰাই কেইটা
ওপৰলৈ উঠি গ'ল  |
সাতোৰঙী আলোকেৰে
আমাক নহয়
নিজক উজ্জীৱিত কৰিবলৈ  |
সকলো চৰায়েই মাছ খায়
বগলী কণামুছৰী,পানীকাউৰী আৰু ক'ত কি
তথাপিও
বদনামটো মাছৰোকাৰেই হয়
মাছৰ লোভত
নানা ৰঙী চৰাই
ইহঁতে বিশুদ্ধ পানীখিনিও
ঘোলা কৰিব 
আমি মাথোঁ চাই ৰব লাগিব
কিমান মাছ দেখিলো
সৰু বৰ মজলীয়া
মাছৰ স্বভাৱৰ
পৰিবৰ্তন নেদেখিলো  |
কি কৰিম
আমি যে নিমাখিত
আমাৰ মেঘে গুজৰি থাকিলেও বৰষুণ নহয়  |

📝 হেমেন হাজৰিকা (মিৰ্জা)


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)