মুধাফুটা

©Admin
0
চঞ্চলা ফাগুন হৈ 
ফাগুনক  মনৰ কথা সুধা
পলাশে মদাৰে আবিৰ সানিলে 
বেথা আতৰিব কাষৰ পৰা । 
সৰা পাতৰ দৰে
শিমলু তুলাৰ দৰে 
উৰি ফুৰিব জীৱনৰ ৰং ।
কলিয়া ডাৱৰ উথলি উঠিব
মেঘে গুজৰিব ফাটিব ফুটিব 
সৰাপাত সৰিব 
নৈ হলে বৈয়ে ৰব ।
চ'ত বহাগ 
ঋতুৰ আহনি জাহনি চলিয়েই থাকিব
তথাপিও সমাজত এখন পৰ্দা থাকিব
অসূৰ্যস্পৰ্শা অৰ্নথক সমাজতান্তিকৰ্তা
পুৰুষতান্ত্ৰিক ব্যৱস্থাৰে
মাথোঁ জীৱন্ত মানুহৰ  মিছা জীৱনাভিনয় !!
পৰিচয়
জীয়াই থকাৰ আপাহত 
একো একো জন সুদক্ষ 
অভিনেতা । 
আৰু তেওঁলোকেই গণ্য মান্য বিশিষ্ট
মুধাফুটা !!

📝হেমন কুমাৰ চাচনী


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)