দক্ষিণ কামৰূপৰ সুঁৱৰী উচব এক অবলোকন-০৪

Rinku Rajowar
0
যোৱা সংখ্যাৰ পিছৰ পৰা---
আকৌ যশোদা -ৰোহিণীও দধি মথা কামত লাগে | দধি মথে/ অ' মথে দধি যশোদা ৰোহিণী.....| ধুৰা গীতৰ তালে তালে আটায়ে হাত দুখন এবাৰ অগা পিছাকৈ সুন্দৰ অংগি ভংগীৰে মন্থনৰ ৰচী টানে | দহজনী গোপিনীৰ কলহৰ দধিমন্থনত উঠা শব্দ আৰু ধুৰাগীতৰ বাদকসকলৰ সুন্দৰ অংগী ভংগীবোৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে মানুহৰ মাজত ভক্তিপ্ৰেম , মানৱপ্ৰেম ,আদি জাগ্ৰত কৰি তোলে |
 দধি মথি থাকোতে বালক কৃষ্ণই কেতিয়াবা মাক যশোদাক আমনি কৰি দধি মথিব নোৱাৰাকৈ ৰছিত খামোচ মাৰি ধৰে আৰু ভোক লগা বুলি কোলাত উঠিব বিচাৰে | মাতৃ যশোদাই আলফুলকৈ কৃষ্ণক কোলাত লৈ স্তনপান কৰাব ধৰে | এনেতে গৰম কৰিব দিয়া গাখীৰ উতলি পৰা খবৰ পাই যশোদাই কৃষ্ণক থেকেচা মাৰি থৈ ভিতৰলৈ যাবলগীয়াত পৰে |
তেতিয়া বালক কৃষ্ণ খঙত অগ্নিশৰ্মা হৈ পৰে আৰু শালৰ কলহ ভাঙি আঁৰি থোৱা ক্ষীৰ লবণু কল আদি বান্দৰবিলাকৰ মাজত ভগাই দিয়ে আৰু নিজেও হেপাহ পলুৱাই খায়  | 
~~আগলৈ~~

  📝 হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)