চিকু আৰু ভোলা - এটা বাস্তৱিক প্ৰেম কাহিনী ,খণ্ড - ০২

©Admin
0

চিকুক কোচত লৈ আহি থকা দেখি বায়ে দেউতাক আঙুলিয়াই ক'লে " দেখিছে মামা আমাৰ হিৰোই জীয়েকক লৈ আহিলে " মই চিকুক গাপা ধোৱাইতাইকো ভাত দিলোঁ আৰু মইয়ো ভাত ললো ভাত খাই মই খেলিবলৈ ওলালো মোৰ লগত চিকুও ওলাল এনেকৈ দিন , সপ্তাহ , মাহ , বছৰ বাগৰিল

আমাৰ চিকু এতিয়া গাভৰু হ'ল এদিনৰ কথা মই স্কুললৈ যাবলৈ মেজিক এখনত উঠিলো চিকুও গাড়ীৰ পিছফালে কেতিয়া উঠিল মই গমকে নাপালোঁ কিছুদুৰ যোৱা পাছত মোৰ চকু পৰিল " " আৰে এইজনীও কম নহয় ড্ৰাইভাৰ দাদা গাড়ী ৰখাবচোন " মই চিকুক লৈ সিদিনা ঘৰলৈ ঘূৰি আহিলো দেউতাই মোক অলপ শুনালে ৷

এদিনাখন আমাৰ ঘৰলৈ চিকুক চাবলৈ ভোলা নামৰ ডেকা এটা আহিল সি আমাৰ চিকুৰ সৌন্দৰ্যত ভোলগৈ উভতি নোযোৱা হ'ল মইয়োমনেমনে ভালেই পালো সিহঁতে হালৰ মাজত প্ৰেম মানে ভালপোৱা দিনক দিনে বাঢ়িল আৰু সিহঁতৰ গভীৰ ভালপোৱাৰ ফলাফলত চিকুৱে একেলগে পাঁচটাকৈ সন্তান জন্ম দিলে দুটা পুলিংগ আৰু তিনিটা স্ত্ৰী লিংগ আমাৰ ঘৰত এটা উৎসৱ মুখৰ পৰিৱেশ ভোলা চিকুৰ আনন্দৰ সীমা নাই দুয়োটাই শিশু কেইটাক লৈ ব্যস্ত চিঞৰ বাখৰ দৌৰাদৌৰি  হুলস্থূল লাগি থাকে -


বাকী কাহিনী অহা দেওবাৰে পঢ়িবলৈ পাব আজিলৈ আহিছো যোৱাৰ আগত এটা  সতৰ্কবাৰ্তা দি যাওঁ বৰ্তমান গোটেই বিশ্বতে কৰ'না ভাইৰাছৰ আতংক এই ভাইৰাছে ইতিমধ্যে আমাৰ দেশতোকৰ'না ভাইৰাছৰ আতংকত ৭০৯ জন লোক কৰ'নাৰ কবলত পৰিছে আৰু প্ৰায় ১৬ জনমানৰ ইতিমধ্যে মৃত্যু হৈছে ৷ এই কৰ'নাৰ আতংক সমাপ্ত কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশত ২১ দিনৰ বাবে লকডাউনৰ ঘোষণা কৰিছে গতিকে আহক আমি সকলোৱে এই লকডাউনৰ সময়ত ঘৰৰপৰা বাহিৰেলৈ নগৈ ঘৰতে সোমাই থাকি এই লকডাউনক সমৰ্থন কৰো আৰু আমাৰ দেশৰপৰা কৰ'না ভাইৰাছৰ আতংকৰ অন্ত পেলাত সহায় কৰো ৷ শেষত কওঁ সময়ে চাবোনেৰে হাত ধুই থাকিব আৰু চকু মুখত হাত নিদিব সচেতন থাকক সতৰ্ক থাকক কৰ'না মহামাৰীৰ পৰা বাচি থাকক ৷ আপোনাৰ সময় খিনি কটাবলৈ আমাৰ দৈনিক ই আলোচনী " অসমীয়া সাহিত্যৰ চানেকি " ত বহুত ভাল ভাল কাহিনী গল্প , উপন্যাস , কবিতা , প্ৰবন্ধ আৰু কেইবাটাও মনোৰঞ্জন দিব পৰা শিতান আছে আমাৰ ৱেবছাইটতত গৈ পঢ়িব পাৰিব গল্পটি পঢ়াৰ বাবে ধন্যবাদ ৷


📝ভাস্কৰ কায়স্থ
 অষ্টম শ্ৰেণী 
 ৰজ ইংগলিছ স্কুল বোকাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)