স্তৱক

©Admin
0
আলফুলে তুলি লোৱা 
হাতৰ লাহি  লাহি কোমল ভাজত
ফুলৰ ৰেণু...
পলকতে
বিচাৰি হাবাথুৰি খাই বুকু
ভোমোৰাৰ ভূন ভূন
মৌমাখিৰ গুণ গুণ
চৌপাশৰ কথাবোৰ বিয়পি পৰে নিমিষতে
গুপনে গুপনে ফাগুন নামে
হৃদয়ৰ কোণত...
পদূলিৰ ধূলিবোৰ নিখোজ
হব খোজে সময়ৰ চাকনৈয়াত
অজস্ৰ স্মৃতিয়ে আমনি কৰে
কোমল কোমল কলিজাত ৷                   



📝নৃপেন ৰাজোৱাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)