হাত

©Admin
0
আঙুলিত
চিকমিক বিজুলি
পিটিকি পিটিকি
জীৱন গঢ়াৰ
নীৰৱ কৌশল  |
ভাঙিবও পাৰি
জীৱন গঢ়াৰ
অমাত প্ৰতিমা  |
হাতেই খুৱাই ভাত
দেখুৱাই জীৱন গঢ়াৰ
কিম্বা অবাটৰ বাট  |
নিচিনি হাতৰ ইংগিত
খালত থলে ভৰি
চকুৰে সৰিয়হৰ ফুল দেখি  |
হাত নহলে নেদেখি যে
ভাল বেয়াৰ বাট ।

 📝হেমেন হাজৰিকা (মিৰ্জা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)