মাজুলীৰ এখন গাওঁ, নাম পাথৰি চুক । আজিৰ পৰা প্ৰায় ৮০ বছৰমানৰ আগৰ কথা । গৰমৰ দিন । প্ৰদীপে শুৱলৈ লৈছিল হে মাত্ৰ । তেনেতে তাৰ চিলমিলকৈ টােপনি আহিব ধৰিছিল । মিছিং গাওঁ। গাৱঁৰ আগফালে এখন সৰু নৈ বৈ গৈছে । শাৰী শাৰীকৈ মিছিং মানুহৰ ঘৰ । ৰাতি নিজম - নিতাল মাৰিছিল । প্ৰদীপে শোৱা সৰু ঘৰটাে মাটিৰ ঘৰ আৰু ইকৰাৰে বনুৱা দৰজা, ঘৰৰ মূল বাকী মানুহবােৰ ডাঙৰ ঘৰটোত থাকে । দৰজা মাৰা ঠাইত অলপ ফুটা আছিল। চিলমিল টােপনিতে ইকুৰামে আহি এডাল ইকৰা আনি ফুতাইদি সােমাই প্ৰদীপৰ গাত খুচিবলৈ লাগিল , "অই উঠ মই ইকুৰাম, গৰমত কেনেকৈ শুই আছ অ, ব'ল বাহিৰত জোনাক, অলপ ফুৰি আহােগৈ ।
প্ৰদীপৰ খুৱ টােপনি আহিছিল । ইকুৰামে গাত বাৰে বাৰে খুচি খুচি জগাই আছিল । প্ৰদীপে শুবলৈ লয়, ইকুৰামে আকৌ জগাই দিয়ে । ইফালে প্ৰদীপৰ প্ৰচণ্ড টােপনিয়ে হেচাঁ মাৰি ধৰিছিল।
ইকুৰামে বাৰে বাৰে আমনি কৰি থকাৰ বাবে প্ৰদীপৰ বৰ খং উঠিছিল । আচলতে ইকুৰামে তাক খং উঠাই লৈছিল । সি খঙতে মিট দাখন লৈ ওলাই আহিল ।ওলাই আহি দেখে চােতালৰ নাৰিকল গছৰ ছাঁত ইকুৰাম ৰৈ আছে। প্ৰদীপক ইকুৰামে টােপনি ভাঙি দিয়াৰ বাবে খঙত একো নাইকিয়া হৈ, তাৰ গালৈ মিট্ দাখন মাৰি পথিয়াইছিল । ইকুৰাম অলপ দূৰলৈ আঁতৰি গ,ল ভৰিত নালাগিলে । প্ৰদীপে হাতত আকৌ দাখন তুলি ল লে, লৈ তাৰ গালৈ পুনৰ দলিয়ালে - দাখন তাৰ ভৰিৰ ওচৰতে পৰিলে । এইদৰে প্ৰতিবাৰে প্ৰদীপে দাখন তুলি লে কেইবাবাৰো দলিয়াই দলিয়াই আহি থকাৰ পিছত দেখিলে যে , ইহঁতৰ গাৱঁৰ মূৰৰ বলখেলা পথাৰৰ গল দিয়া বাহঁ কেইডাল দেখিলে ।
প্ৰদীপৰ তেতিয়াহে হুচ আহিছিল - অঁ মই আহি আহি গাৱঁৰ এমূৰ পালোহি দেখোন ।
তাৰমানে ই ইকুৰাম নহয় ! তেতিয়া বুজিলে, মোক কোনোবা ভূতেহে বুধি কৰি ইয়ালৈ লৈ আনিছে । প্ৰদীপৰ বৰ ভয় লাগিবলৈ ধৰিছিল । আৰু ইকুৰামো অন্তৰধান , তাকে ভাৱি ভয়তে গাৱঁৰ ফালে পিঠিখন দি বলখেলা পথাৰৰ ফালে চাই চাই - মিটদাখন পিঠিৰ ফালে ঘূৰাই-ঘূৰাই, পিছফালে খোজ দি দি আহি
ঘৰ পালেহি আৰু চোতাল পাই ধপচকৈ পৰি গ'ল। ঘৰৰ মানুহৰ টোপনিতে কিবা শব্দ হোৱা হেন পাই চোতাললৈ ওলাই আহিল আৰু প্ৰদীপক চোতালত পৰি থকা দেখা পালে । তাৰ মুখেৰে ফেন ওলাবলৈ ধৰিছিল । ৰাতি ঘৰৰ মানুহে তাক গা - পা ধোৱাই তেল -চেল দি সেকি ভালকৈ শুবলৈ দিলে । তাৰ গাটো গৰম হৈ আহিবলৈ ধৰিলে আৰু জ্বৰ উঠি আহিছিল । মানুহটােক ভূতে পাইছিল - তাৰ অৱস্থা দেখি ৰাতি ঘৰৰ মানুহে তাৰ লগত কথা নেপাতিলে । ৰাতিপুৱা সকলোৱে পেৰি - পেৰি শোধাত যোৱা নিশাৰ সকলো কথা বিৱৰি কৈছিল ।
তাৰ পিছত প্ৰদীপৰ তিনিমাহ একেৰাহে জ্বৰ হৈছিল । জ্বৰ ভালেই নহৈছিল - অলপ ভাল হোৱাহেন হৈছিল, ভাল নহয় - পিছদিনা আকৌ জ্বৰ হয় । তেনেকৈ তেওঁৰ তিনিমাহ বিচনাত পৰি থাকিল ।
সেই সময়ত সেই গাওঁ সমূহত তেনে
ধৰণৰ ভুত - পিশাচবােৰে মানুহক ভয় খুৱাইছিল আৰু দুৰ্ব্বল মানুহক অকলে পালে মাৰি পেলাইছিল । যাৰ অলপ সাহস থাকে -তাক বলে নোৱাৰিলে এৰি দিছিল । সেই দিনবিলাকৰ তেনে ভূতৰ বিচৰণ বেছি আছিল বুলি -সেই গাৱঁৰ বুঢ়ী মানুহৰ মুখত শুনিছিলো । এই ঘটনাতো সত্য ঘটনা । এই কাহিনী যাৰ মুখেৰে শুনিছাে তেওঁ এতিয়াও জীয়াই আছে ।
সেই গাওঁসমূহত আজিকালি তেনেধৰণৰ ঘটনা ঘটা শুনা নেযায় বুলি মানুহৰ মুখৰ পৰা জানিব পাৰিছাে ।
সেই ডেকাজনৰ কিন্তু পাছৰ জীৱনত একো অসুবিধা হোৱা নাছিল আৰু পাছত বিয়া- বাৰু কৰাই, নাতি -নাতিনীৰে সুখেৰে জীৱন কটাইছিল আৰু তেওঁৰ নাতিনী ছোৱালী আৰু নাতি ল'ৰা দুয়ােটাই ইঞ্জিনীয়াৰ বৰ্ত্তমান কৰ্মৰত ।
সত্য ঘটনা সংগ্ৰহ কৰি কাহিনীটি লেখা হ'ল ॥
📝কাহিনীকাৰঃমীনা পামে গাম
ভাল লাগিল পঢ়ি 👌
ReplyDelete