দক্ষিণ কামৰূপৰ সুঁৱৰী উচব এক অৱলোকন -০৮

Rinku Rajowar
0
যোৱা সংখ্যাৰ পিছৰ পৰা---
    মানৱ সমাজৰ ৰোগ শোক, জৰা ব্যাধি সংকট আৰু আতুৰ সময়ৰ শেষ আশ্ৰয়স্থল হ'ল ধৰ্ম | ধৰ্মক বাদ দি সমাজ বৰ্তী থাকিব নোৱাৰে | ধৰ্মই সমাজক ধৰি ৰাখে | ধৰ্মেন ধাৰ্য্যাতি লোকঃ | গতিকে এই ধৰ্মীয় উচবটিৰ প্ৰচলিত অলিখিত গীত মাত বোৰ সংৰক্ষণ কৰাটো অতি আৱশ্যক | এইবোৰ সংৰক্ষণ কৰি ৰাখিব পাৰিলে ই হৈ পৰিব এক দলিল তথা অমূল্য সম্পদ | 
উক্ত দিনা ধৰ্মীয় কামভাগ সম্পন্ন হোৱাৰ পিছত | বালক কৃষ্ণ সহিতে বাৰগোপাল সহ অন্যান্য সকল ৰভাৰ এডোখৰ ঠাইত বহি থাকে | লগে লগে দৰ্শক ভক্তবৃন্দই সেই বালক সকলক ভৰি চুই আৰ্শীবাদ লোৱা দেখা যায় | বালক সকলক নানা ধৰণৰ ফলমূল ,দৈ আদি খুওৱা দেখা যায় | নিশাৰ ভাগলৈ দক্ষিণ কামৰূপৰ অতি জনপ্ৰিয় অনুষ্ঠান যাত্ৰাপাৰ্টীৰ নাট প্ৰদৰ্শন কৰা হয় |
    এইটো ক'ব পাৰি যে বৃহত্তৰ দক্ষিণ কামৰূপৰ দধিমন্থন অথবা সুৱৰী উচবভাগিৰ সফল সমাপ্তি ঘটে | ই এক বিৰল সংস্কৃতি |   (  সমাপ্ত )

📝 হেমেন হাজৰিকা 
                   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)