সকলোৱে জানে
তাই পাগলী হ'ল ।
মনোদৈহিক ৰোগত ভাৰাক্ৰান্ত মোৰ প্ৰেয়সীৰ সমস্ত সত্বা ।
উঠন বুকুৰ
গাভৰু দেহত লুলোপ
ৰক্ত পিপাসু হঁতৰ
দীর্ঘম্যাদি লাভ লোকচানৰ হিচাব ।
সিহঁতৰ উত্পীড়ণত
অৱসাদগ্ৰস্ত সমস্ত শৰীৰ ।
ৰক্তহীনতাত প্ৰেয়সীৰ হিয়া
যেন ওয়েছিছ বিহীন এখন চাহাৰা ।
গভীৰ নিশা
মিচিং ডেকাৰ মাতাল বাঁহীত ঐনিতমৰ সুৰ ।
তথাপি তাই প্ৰাণ চঞ্চলা নহয় !
মলয়াও মৎস্যগন্ধাৰ সুবাস বিহীন ।
গৰ্ভৱতী আকাশৰ মেঘমল্লাৰ ৰাগ শুনিলেই তাই উন্মাদ হৈ উঠে ।
ত্ৰস্তমান হয় চুবুৰীয়া ।
সপোন দিঠক হোৱাৰ
আসুৰিক পৰিতৃপ্তিত
সৌৱা নিৰাপদ দূৰত্বত
ধৰ্ষণকাৰীহঁতৰ অট্টহাস্য ।
এখমলা এণ্টাৰ্কটিকাৰ
অনুভূতিৰে মোৰ কলিজা এতিয়া জঠৰ
মই যে ৰক্তগঙ্গাৰ
আশৈশৱ প্ৰেমিক
মোৰ হিয়াৰ আমঠু ।
📝সৌৰভ কুমাৰ বৰুৱা
উঃ লখিমপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ