কলিং বেল

©Admin
0

যান্ত্ৰিক সম্ভাষণ
সুৱদী সুৰীয়া
আত্মাৰ সম্ভাষণ ,
অমাতৰ মাত
বুটামত সীমাবদ্ধ হ'ল  |
গুহাৰ মানৱৰ
উত্তৰণত বহু হেৰাল
কিবা কিবি
পালোও বহুত
তথাপি হৃদয় মনবোৰ
শিল হ'ল |
আমিৰ পৰা 
মই হ'ল সকলো
কেৱল মই
মুখৰ মাত সাৰো
আঙুলীৰ মুৰত
বুটামত সীমাবদ্ধ হ'ল  |

 📝হেমেন হাজৰিকা (মিৰ্জা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)