তুমি হাঁহিলে

©Admin
0
তুমি হাঁহিলে
শীততো আকাশখন বীজুলীয়াই থাকে
মেঘ নথকা আকাশখনৰ পৰা
সৰে টোপ টোপ বৰষুণু

তুমি হাঁহিলে
হিমালয়ৰ বৰফ গলি
বৈ আহে তুষাৰ নদী

তুমি হাঁহিলে
প্ৰেমৰ নীলাবোৰে লুকাভাকু খেলে হৃদয়ত
ফাগুণে নচুৱাই
ষোড়শী শিপিনিৰ তাঁতশাল

তুমি হাঁহিলে
ফুলি উঠে মোৰ পদুলিত হাচনাহানা

তুমি হাঁহিলে 
উলাহত উৰে কঁহুৱা তুলা
হৃদয়ত বাজে মেঘমলাৰ সুৰ।


    📝বিতু বুঢ়াগোহাঁই
     নিপ্‌ক,দুলীয়াজান

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)