সময়ৰ দোমোজা

Rinku Rajowar
0
আমি নাৰী যেন
মাজপানীত ৰৈ থকা এখন অচল জাহাজ 
খং অভিমানে থকা সৰকা কৰা এখন হৃদয়েৰে মৃত্যুৰ ক্ষণ গণি - - - - - ?
নবজাওঁ কেতিয়াও সেই কৰুণ বাঁহীৰ সুৰ 
তোমাৰ বুকুত কষ্ট দিয়াকৈ 
দুখবোৰ বুকুতে থম সাচি যমে নিনিয়া লৈ।
যেতিয়া স্মৃতিয়ে ডোলা দিব মনৰ গোপন কোণত       চকুলোৰ মালাধাৰি তুলি লম হাতত ।
প্ৰেমৰ ৰাগিণী তুলিব নোৱাৰো সুখে দুখে জীৱন লগৰী হবলৈ
আশাও হব নোৱাৰো সপোন পুৰাবলৈ।
ফাগুনৰ ৰঙীণ পলাশ হব খুজিলেও 
         সময়ে কাঢ়ি লয় যৌৱনৰ তৃষা ।
কবিতাৰ প্ৰেমতেই জীৱন উছৰ্গা কৰি 
ভাৱনাৰ নদীখনি থাকিম সাতুৰি ।
পোৱা নোপোৱাৰ হিচাপ নিসংগতাৰ বুকুত বান্ধি  থাকিম মাথো মৃত্যুৰ ক্ষণ গণি 

📝ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)