আশা

Rinku Rajowar
0
সপোনৰ সদাগৰে সপোন বেচিলে
আনন্দত আত্মহাৰা হৈ
তাচপাতৰ কাৰেংঘৰ সাজিলো

অশান্ত আৱেগৰ ধূলিয়ৰি ধুমুহাই 
থানবান কৰিলে চেনেহৰ কাৰেংঘৰ

লুইতৰ চাপৰিত সিঁচি দিলো
ভগ্ন হৃদয়ৰ টোকোৰাবোৰ
বৈ গ'ল লোতকৰ নৈ হৈ       
শদিয়াৰ পৰা ধুবুৰীলৈ

অতীতৰ ভেটিবোৰ জহি খহি গ'ল
সেমেকা শীতৰ কোমল পৰশত
আশাৰ ৰেঙনিবোৰে শেৱালীৰ সুবাস হৈ 
এতিয়া চৌদিশে  নিৰ্বিঘ্নে আমোলমোলাই ।


📝 টোলন তছা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)