জয়মতী কুঁৱৰী- এক বীৰাংগনাৰ জীৱনী

©Admin
0


 জয়মতীৰ পিতৃ আছিল আহোম ৰাজ্যৰ বিষয়ববীয়া লাইথেপেনা বৰগোহাঞি আৰু মাতৃ চন্দ্ৰদাৰু।লাইথেপেনাৰ পিতৃ আছিল লালুকসেন ফুকন আৰু চন্দ্ৰদাৰুৰ পিতৃ আছিল লেচাই বৰগোঁহাই।ৰাজমন্ত্ৰী লাইথেপেনা বৰগোঁহাই ডাঙৰীয়াৰ ২৪ জন পুত্ৰ আৰু ১৩ গৰাকী কন্যা আছিল । ইয়াৰে জয়মতী আছিল প্ৰথম জী । তেখেতৰ কনিষ্ঠ পুত্ৰ আছিল বিখ্যাত চকৰিফেঁটি বুৰঞ্জীৰ প্ৰণেতা নুমলী বৰগোহাঁই । মাদুৰি চহৰ বুলি কলে ৰাজমন্ত্ৰী লাইথেপেনা বৰগোঁহাই বাসস্থান আৰু কুঁৱৰীৰ জন্মস্থান বুলিয়েই বুৰঞ্জীত খ্যাত। শিৱসাগৰৰ পৰা ন কিল'মিটাৰ আঁতৰৰ মাদুৰি গাঁৱত জয়মতীৰ জন্ম হৈছিল ৷ 


কিংবদন্তীমতে এদিন গোবৰ ৰজাৰ পুত্ৰ গদাপাণি কোঁৱৰ মাদুৰীত থকা লাইথেপেনা বৰগোহাঞিৰ ঘৰত উপস্থিত হ'ল। শক্তিশালী যুৱক গদাপাণিৰ খোৱা-লোৱাৰ পৰিমাণো বেছি আছিল। দুপৰীয়া ভোক আৰু ভাগৰত গদাপাণিয়ে বৰগোহাঞিৰ ঘৰত সোমাই যি আছে খাবলৈ বিচাৰিলে। জয়মতী আছিল বৰগোহাঞিৰ জীয়ৰীকেইজনীৰ ভিতৰত ডাঙৰ। গতিকে আলহী সোধাৰ দায়িত্ব জয়মতীৰ ওপৰত পৰিল। জয়মতীয়ে লৰালৰিকৈ গদাপাণিক পঁইতা ভাত আৰু ভাজি খাবলৈ দিলে। আহাৰ গ্ৰহণ কৰি গদাপাণি সন্তুষ্ট হ'ল আৰু জয়মতীৰ সেৱা-সৎকাৰ দেখি অভিভূত হ'ল। এই চিনাকীৰ আলমতে পিছলৈ পিতৃ, পৰিয়াল সকলোৰে অনুমতি সাপেক্ষে গদাপাণি আৰু জয়মতীৰ চকলং প্ৰথামতে বিবাহ সম্পন্ন হয়।

১৬৭০ চনত চক্ৰধ্বজ সিংহৰ মৃত্যু আৰু ১৬৮১ চনত গদাধৰ সিংহৰ ৰাজাভিষেকৰ মাজৰ সময়ছোৱাত ৰাজপাতত ছজন বেলেগ বেলেগ ৰজা অধিষ্ঠিত হৈছিল। ডেবেৰা বৰবৰুৱাই ষড়যন্ত্ৰ কৰি উদয়াদিত্য সিংহৰ হত্যা কৰোৱাৰ পিছত ৰাজ্যত কুশাসনৰ পাতনি মেলে। প্ৰতিদ্বন্দীসকলক হত্যা কৰা হ'ল, প্ৰভাৱশালী কোঁৱৰসকলৰ অঙ্গক্ষত কৰা হ'ল আৰু ৰাজবিষয়াক ইচ্ছামতে আঁতৰাই পঠোৱা হ'ল। আন কিছুমান বিষয়াই ৰাজধানীলৈ গৈ ডেবেৰাক ধৰি মৃত্যুদণ্ড বিহে আৰু তেওঁলোকৰ পছন্দৰ কোঁৱৰ এজনক ৰাজপাটত বহুৱায়। প্ৰধান মন্ত্ৰী আতন বৰগোহাঁইয়ে ৰাজনৈতিক পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। তেওঁক দুবাৰকৈ ৰজা হোৱাৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও অস্বীকাৰ কৰে। আতন বৰগোহাঁই আৰু গুৱাহাটীৰ ৰাজবিষয়া লালুকসোলা বৰফুকনৰ মাজত মতাদৰ্শ আৰু ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা বাঢ়ি আহে।

লালুকসোলা বৰফুকনে ৰাজশক্তি অধিকাৰ ৰখাৰ স্বাৰ্থত বঙ্গৰ শাসক চুলতান আজমতৰাৰ লগত গুৱাহাটী মোগলৰৰ হাতলৈ হস্তান্তৰ কৰাৰ চক্ৰান্ত কৰে।[5] বিনিময়ত তেওঁক চাৰি লাখ টকা আৰু স্বৰ্গদেউ হোৱাৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়া হয়। সেইমতেই তেওঁ ১৬৭৯ চনত গুৱাহাটী নবাব মনচুৰ খানৰ হাতত সঁপি দিয়ে যাক চুলতানে ফৌজাদাৰ পাতে। ইয়াৰ পিছত লালুকসোলা দলেবলে গড়গাঁৱলৈ গৈ আতন বৰগোহাঁইক হত্যা কৰে আৰু চৈধ্য বছৰীয়া চুলিক্‌ফা বা ল'ৰা ৰজাক নামত স্বৰ্গদেউ পাতে। তেওঁ নিজৰ পাঁচ বছৰীয়া কন্যাক ল'ৰা ৰজালৈ বিয়া দিয়ে আৰু 'বুঢ়াফুকন' নামৰ নতুন পদ এটা সৃষ্টি কৰি ৰজাৰ হৈ শাসনভাৰ চম্ভালে। প্ৰতিদ্বন্দ্বিতাৰ আশঙ্কা কৰি তেওঁ অঙ্গত খুঁত থকা কোঁৱৰ ৰজা হ'ব নোৱাৰা নিয়মৰ সুযোগ লৈ ৰজা হোৱাৰ উপযুক্ত কোঁৱৰসকলক শাস্তি বিহাত লিপ্ত হ'ল ৷

জয়মতীয়ে বিশ্বাস কৰিছিল যে লালুকসোলাৰ স্বেচ্ছাচাৰী শাসনৰ ওৰ পেলাই গদাপাণিয়ে এদিন ৰাজ্যলৈ শান্তি ঘূৰাই আনিব পাৰিব। সেইবাবে ৰজাৰ চোৰাংচোৱাই ধৰাৰ আগতেই তেওঁ গদাপাণিক ঘৰ এৰি পলাই যাবলৈ অনুৰোধ কৰে। বুৰঞ্জীৰ মতে ঘৰ এৰি যাওঁতে গ্দাপাণিয়ে পত্নী জয়মতী আৰু দুই পুত্ৰ লাই-লেচাইক এৰি গৈছিল। কিন্তু হৰকান্ত বৰুৱাৰ মতে গদাপাণিয়ে জয়মতী লগত পলাই গৈ অৰণ্যত সৰু ঘৰ এটা সাজি আছিলগৈ। কিন্তু সেই ঠাইত ৰজাৰ সৈন্য উপস্থিত হোৱাত জয়মতীৰ অনুৰোধত তেওঁ পলাই যায়। এইখিনি কথাৰ উল্লেখ আন কোনো বুৰঞ্জীত নাই।ঘৰৰ পৰা পলাই গৈ গদাপাণি কেইদিনমান মেটেকাত বগী বৰপোহাৰীৰ ঘৰত আছিলগৈ। তাৰ পিছত তেওঁ নগা পাহাৰত আশ্ৰয় লয়।

গদাপাণিক বিচাৰি নাপাই ৰজাৰ সৈন্যই জয়মতীকে ধৰি নিয়ে। ৰাজসভাত থিয় কৰাই সোধ-পোচ কৰাৰ পিছতো গদাপাণিৰ ঠিকনা নাপাই লালুকসোলাই ভাবিলে যে পত্নীক ৰাজহুৱাকৈ অত্যাচাৰ কৰিলে গদাপাণিয়ে নিজেই আহি ধৰা দিব। সেইমতে জেৰেঙা পথাৰত কোটকোৰা গছত বান্ধি লৈ চাওদাঙৰ হতুৱাই জয়মতীক নানা প্ৰকাৰৰ শাস্তি প্ৰদান কৰা হ'ল। ইয়াৰ পিছতো জয়মতীয়ে স্বামীৰ বাতৰি ক'বলৈ অমান্তি হয়। এই শাস্তিৰ বাতৰি গদাপাণিৰ কাণত পৰাত তেওঁ ছদ্মবেশেৰে নগা পাহাৰৰ পৰা জেৰেঙা পথাৰলৈ আহে। এজন অচিনাকী মানুহৰ ৰূপত তেওঁ জয়মতীক শাস্তি খোৱাতকৈ স্বামীৰ কথা কৈ দিবলৈ অনুৰোধ কৰে। কিন্তু জয়মতীয়ে তেওঁক চিনিব পাৰি আঁতৰি যাবলৈ কয়। ১৪ দিনৰ নিৰ্যাতন সহ্য কৰি ১৬০১ শকৰ ১৩ চ'ত বা ১৬৭৯ খ্ৰীষ্টাব্দৰ ২৭ মাৰ্চত জয়মতীৰ মৃত্যু্‌ হয়    

জয়মতীৰ মৃত্যুৰ দুবছৰ পিছত ল'ৰাৰজাৰ স্বেচ্ছাচাৰী শাসনৰ অন্ত পেলাই ১৬৮১ খ্ৰীষ্টাব্দত গদাপাণি আহোম ৰাজ্যৰ ৰজা হয়। তেওঁ টাই নাম চুপাত্‌ফা আৰু হিন্দু নাম গদাধৰ সিংহ গ্ৰহণ কৰে। ১৬৮১ চনৰ পৰা ১৬৯৬ চনলৈ তেওঁৰ শাসনকালত অসমৰ শান্তি ঘূৰি আহে। প্ৰথমেই তেওঁ গুৱাহাটীৰ পৰা মনচুৰ খানক আঁতৰাবলৈ সৈন্য পঠিয়ায়। ১৬৮২ চনত ইটাখুলিৰ ৰণত আহোমসকলে মোগলৰ পৰা গুৱাহাটী পুনৰুদ্ধাৰ কৰে।

গদাধৰ সিংহৰ পিছত ১৬৯৬ খ্ৰীষ্টাব্দত তেওঁৰ বৰপুত্ৰ লাই ৰাজপাটত উঠি চুখ্ৰুংফা বা ৰুদ্ৰ সিংহ নাম লয়। তেওঁক আহোমৰ শ্ৰেষ্ঠ ৰজা বুলি অভিহিত কৰা হয়। মাকৰ স্মৃতি ৰক্ষাৰ্থে তেওঁ ১৬৯৭ খ্ৰীষ্টাব্দত জেৰেঙা পথাৰৰ ঠাইটুকুৰাত জয়সাগৰ পুখুৰী খন্দোৱায় আৰু তাৰ পাৰতে জয়দৌল নিৰ্মাণ কৰোৱায় ৷] ৰুদ্ৰসিংহই ১৭০৪-০৫ চনত জয়সাগৰ পুখুৰীৰ পাৰত শিৱ মন্দিৰৰ সন্মুখত ফাকুৱা দৌলো সজায়। কোৱা হয় যে জয়মতীৰ স্মৃতিতে মৈদামৰ দৰে এইটো নিৰ্মাণ কৰাই ভিতৰত তেওঁৰ মূৰ্ত্তি প্ৰতিষ্ঠা কৰা হৈছিল ৷


📝দুলাল ৰবিদাস
নুমলীগড় গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)