ৰুণজুন (খণ্ড~০১)

©Admin
0
ৰুণজুনৰ ঘৰ গুৱাহাটীত ।  দেউতাক বন বিভাগৰ উচ্চ পদস্থ বিষয়া ।  দেউতাকে তাইক দিল্লীত পঢ়ুৱাবলৈ মন কৰিলে । দুজনী ছোৱালীৰ ভিতৰত তাই ডাঙৰ । সেইমতে ৰুণজুনে কটনৰ পৰা বি. এ. পাছ কৰি দিল্লীলৈ  গৈ আৰু তাতে এম. এ. ত
এদমিচন লৈছিল । এবাৰ দিল্লী-গুৱাহাটী এয়াৰত  আহােতে ৰিহণৰ লগত চিনাকি হৈছিল, দুয়াে একেলগেই বহি আহিছিল।
ৰিহণে দিল্লী বিশ্ববিদ্যালয়ত পি. এইচ. ডী. কৰি আছিল । সেইসূত্ৰে দিল্লীত আছিল। 
ৰিহণ আৰু ৰুণজুন দুয়াে পূজাৰ বন্ধত ঘৰলৈ আহিছিলে । প্ৰথম চিনাকীতে দুয়াে বহুত কথা পাতিলে আৰু দিল্লীলৈ ঘূৰি যােৱা টিকট একেলগে কটাৰ সিদ্ধান্ত লৈছিল ।
পূজাৰ বন্ধত ৰিহণে নিজৰ ঘৰ নগাওঁ পালেগৈ । ৰিহণৰ দেউতাক আছিল কলেজৰ প্ৰিন্চিপাল । সেই সময়ত আগৰ নিচিনাকৈ ইমান মােবাইলৰ ব্যৱহাৰ হােৱাই নাছিল । তেতিয়া টেলিফােনতে দুয়াে-দুয়ােৱে খবৰ লৈছিল ।
ৰিহণে ৰুণজুনলৈ দুবাৰমান টেলিফােনত কথা পাতিছিল -কেতিয়া ঘূৰিবা ইত্যাদি কথালৈ।
ৰুণজুনৰ লাহে লাহে ৰিহণক ভাল লাগিবলৈ ধৰিলে।
পূজাৰ বন্ধ খােলাৰ পিছত ৰুণজুনক আগবঢ়াবলৈ মাক আৰু ভনীয়েক ববিতা আহিল । তেওঁলােকৰ ঘৰ শিলপুখুৰীতে আছিল । ৰুণজুনে লগত দেউতাক নহা কাৰণে ভালেই পাইছিল । এয়াৰ পােৰ্টত সোমায়েই ভিতৰত ৰিহণক বহি থকা ৰুণে দেখিছিল ।
ৰিহণ আগবাঢ়ি আহিল ৰুণৰ ফালে । সময় বহুত আছে সেয়েহে দুয়াে অলপ বহি ল'লে  এয়াৰ পােৰ্টৰ ভিতৰতে । 
ৰিহণ:  ৰুণজুন কফি খাবা ?
ৰুণজুন- ইমান মন নাছিল , 
হব দিয়া একাপ খাব পাৰো । দুয়ােৱে সাধাৰণভাৱে পূজাত কি কৰিলা আদি দুটামান কথা পাতি উঠি বেগবােৰ চেকিঙত তুলি দিলে। ক'ব নােৱাৰাকৈয়ে ৰিহণে আগভাগ লৈ কামবােৰ কৰি গৈ থাকিল ।
 ফ্লাইটত পুনৰ দুয়াে একেলগে বহাৰ সুবিধাও পালে ।
ৰুণজুনে ভালেই পালে।
ৰিহণে হয়তু আৰু ভাল পাইছিল, কিন্তু সেইদিনা বিশেষভাবে বাহ্যিকতাত ধৰা পৰা নাছিল । সেয়া ৰুণৰ পৰা জানিব পাৰিছিলাে ।
ৰুণ মোৰ বান্ধৱী আছিল।
মােৰ বিয়া  বি. এ. পাচ কৰাৰ পিচতেই হৈছিল ।
এইবাৰ পূজাৰ পিছত ৰুণ দিল্লী ঘূৰি যোৱাৰ পিছত দু্য়ােৰে দেটিং আৰম্ভ হবলৈ লাগিল । কেতিয়াবা ৰেষ্টুৰাত, কেতিয়াবা পাৰ্কত   এনেকৈৱে দুয়াে -দুয়ােৰ ওচৰ চাপিবলৈ লাগিল ।
ৰিহণে মাজে মাজে চিনেমা চাবলৈও লগ ধৰে আৰু ক'ব নােৱাৰাকৈ ৰুণেও লগত সদায় ওলাবলৈ ল'লে । লাহে লাহে দিনত কমেও এবাৰ লগ কৰা হ'ল দুয়াে।
১ জানুৱাৰীৰ দিনা ৰুণৰ জন্ম দিন আছিল । সেইদিনা ৰিহণে ৰুণক ক'লে,"মই তােমাক এটা গিফট্  দিম" । 
ৰুণ :  কি গিফত্ ?
ৰিহণ : চকু মুদা ।
ৰুণে চকু মুদিলে ।
ৰিহণে তাইৰ কপালত চুমা আকি দিলে আৰু তাইক খুউৱ জোৰেৰে সাৱতি ধৰিলে । তাই ভবা নাছিল - ৰিহণে হঠাৎ এনেকুৱা কৰিব বুলি  আৰু কিছু মূহুুৰ্ত্তৰ বাবে স্তম্ভিত হৈ গৈছিল । তাইৰ চকু মেলিবলৈ লাজ লাগিছিল আৰু ৰিহণৰ চকুৰ ফালে চকু থবলৈ সাহস কৰা নাছিল আৰু কিছু সময়ৰ পিছত তাই প্ৰকৃতিস্থ হবলৈ চেষ্টা কৰিছিল । দুয়ােৰে দিন বাঢ়ি যোৱাৰ লগে লগে সম্বন্ধ আৰু গাঢ় হৈ আহিবলৈ ধৰিলে ।

      আগলৈ


📝 মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)