ধৰালৈ নামি আহিছে এজাক উন্মনা পচোৱা
সৰু বৰ বিৰিখৰ লঠঙা ডালত
ন ন কুঁহিপাতে মেলিছে অনুপম মেলা
ৰ'দ বৰষুণৰ লগত মিতিৰালি পাতি
গছে-বনে মাৰিছে মিচিকিয়া হাঁহি
চৌদিশে মাথো ফাগুনেই ফাগুন
চাই থাকিলেও হেপাহে নপলায় দেখোন
পলাশ মদাৰ শিমলুৰ সাজোন-কাচোন
নিজান বনৰ লুঙলুঙীয়া বাটত
শুনি মাথো সৰাপাতৰ খৰখৰনি
নিলাজ ফাগুনৰ কি যে ধেমালি
বাৰে বাৰে খহাই নিয়ে
ৰাংঢালী গাভৰুৰ বুকুৰ ওৰণি
হোলী শিৱৰাত্ৰি আলি আই লৃগাং
কলং কপিলী দিখৌ দিচাং
সকলোতে বলিছে প্ৰেমৰ প্ৰহেলিকা
কমুৱা তুলা হৈ উৰিছে যৌৱনৰ মাদকতা
অসীমত হেৰাই নিজৰ অস্তিত্বৰ সীমনা
ফাগুনে বিচাৰিছে চোৱা নীলিম আকাশৰ ঠিকনা।।
📝টোলন তছা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ