জুবিন দা তুমি অলপ জিৰণি লোৱা

©Admin
0

জুবিন দা অ জুবিন দা আৰু হব

তুমি অলপ জিৰণি লোৱাহি

মই সৰুৰেপৰাই দেখি আছো

তুমি সফলতাৰ পৰ্বত

বগাই আছা বগাই আৰু বগাইয়ে আছা ৷


বহু নদ -নদী , সাগৰ - মহাসাগৰ

একেলেথাৰিয়ে সাঁতুৰিয়ে আছা

এতিয়া কিছু সময় লোৱাহি জিৰণি

তুমি দেখােন ঠাণ্ডা হওক গৰম হওক

একোকে ভ্ৰূক্ষেপ নকৰি 

মাথোঁ আমাৰ বাবে অসংখ্য নিশা ধৰি

উজাগৰে থাকি গীতৰ শৰাইখনি

আমালৈ আগবঢ়াইয়ে আছা ৷


জুবিন দা বিহু মঞ্চ পতাই নাই 

আদৰৰ বহাগৰ বিহুটিলৈ বহুত দিন আছে 

তুমি নিচিন্ত মনে একান্ত মনে জিৰণি লোৱা ৷

গাৱা গাৱা গান চিঞৰি চিঞৰি গাৱা

কিন্ত এতিয়া জিৰণি লব লাগিব

তোমাৰ বাবে আমাৰ বাবে ৷


তুমি চিন্তা নকৰিবা 

তোমাৰ লগত আমি আছো 

জীৱনৰ প্ৰতিটো খোজত 

কাৰণ তোমাৰ গানেই আমাৰ মান সন্মান 

তোমাৰ গানে যোগাই আমাক প্ৰেৰণা

আমি গৌৰৱত বুকু ফুলাই কব পাৰো

চিঞৰি চিঞৰি কব পাৰো 

জুবিন গাৰ্গ আমাৰ আদৰ্শ 

আদৰ্শ নৈতিকতাৰ , মানৱতাৰ

 আৰু সমাজ জাতিৰ হিতৈষী ৰুপে ৷


জুবিন দা তুমি গাৱা বহুত গান গাৱা 

নতুন নতুন গান গান গাৱা কাৰণ

তোমাৰ গানত আছে প্ৰকৃতি প্ৰেম , 

মানৱ প্ৰেম , দেশপ্ৰেম , সান্তনা 

আৰু জীৱনৰ প্ৰেৰণা ৷


জুবিন দা জিৰণি লৈ সোনকালে উভতি আহিবা 

কাৰণ তোমাৰ অবিহনে মঞ্চ নিজান

আকৌ গাৱ গান মঞ্চত কোলাহল কৰি

হাঁহি হাঁহি , নাচি নাচি , চিঞৰি চিঞৰি 

তুমি সদায় সুস্থ সবল আৰু দীৰ্ঘায়ুু হোৱা

এয়াই নেদেখা জনৰ ওচৰত পাৰ্থনা ৷


মোৰ দৃঢ় বিশ্বাস তুমি এতিয়াও

ভাগৰি পৰা নাই আৰু তুমি সেইবিধৰ 

ব্যক্তি নহয় জীৱনৰ অন্তিম মুহূৰ্তলৈকে 

গান গাইয়ে থাকিবা কাৰণ 

গানেই হৈছে প্ৰাণ ৷


📝  কবি, দুলাল ৰবিদাস








Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)