জোনাকৰ বৰষুণ

©Admin
0
সময়ৰ পদুলিত আছো ৰৈ 
     এখন বিশাল হৃদয়ৰ আশা লৈ
দুখৰ যাতনা দুৰ কৰিবলৈ ।

সমাজতান্ত্ৰিক ব্যবস্থা মষিমূৰ কৰি 
পৰা হলে সপোন গঢ়িব 
এখনি মৰমৰ বোৱতী নৈ 
        হৃদয়ে হৃদয়ে বৈ নিৰবধি 
জিলিকিব দুয়োটি পাৰ ।

কঁহুৱা কোমল উশাহ নিশাহত 
          উৰিব শুকান পাত 
উৰুৱাই লৈ যাব পৱনে কোলাহল ধুমুহাজাক 
হে আকাশ 
দুখৰ আকাশ খেদি আনি 
দিয়া শান্তিৰ শীতল বতাহ এজাক ।

হে নীলাভ সাগৰ 
ধুই নিয়া হৃদয়ৰ  যত আছে বেদনা ।
আত্মজাহ যাবলৈ নিদিবা ।
 উটি ভাঁহি যাব খুজো জীৱন নদীৰ ঢৌত 
সোনাৰুফুলীয়া মৰমবোৰ লৈ - - - - 
শুকুলা মেঘে ঢাকিলেও আকাশ
শান্তিৰ সুবাস সিচিবা 
নিয়ৰৰ ৰূপালী টোপাল হৈ
গালে মুখে জিলিকিবা  ।


খুলি থম হৃদয়ৰ জপনা
প্ৰেম আৰু বিশ্বাসৰ বাবে  হৃদয় কঁপি উঠিব
উমাল পৰশেৰে আলফুলে নিৰবধি বৈ  যাব।
সেউজী উপত্যকাৰ বিষন্ন বদনৰ  সমাপ্তি 
অনাবিল অনুভূতি সৌন্দৰ্য্যৰ ৰন্ধে ৰন্ধে
চিৰন্তন সত্য আহ্বান হৃদয়ৰ 
তিৰবিৰ জোনাকৰ প্ৰেমাসক্ত আনন্দ স্পৃহা।
জোনাকৰ বৰষুণজাকত সোণসেৰীয়া সময়
এবুকু প্ৰেমৰ বাসনা 
হাঁহি মুখে সামৰিম ৷

  📝ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)