১)অভিমান সামৰি সৰি পৰিছিল
শেষখিলা হালধীয়া পাত;
আবেলিৰ বতাহজাকে গাইছিল
নৱ-বসন্তৰ কৌটি-কলিয়া গান।
(২)
পলাশ মদাৰ শিমলু হৈ
থোপা থোপে ফুলিছিল তেজৰ জুই;
শীতৰ সাজ খুলি ধুলিৰ ওঁৰণী টানি
উচুপি আছিল ফাগুনৰ তেজগোৰা বেলি।
(৩)
চকুৰ পতাত হেঁপাহৰ সপোন আঁকি
শুকান পাতৰ উম লৈ,
শুই আছিল নাঙঠ অৰণ্যখনি।
(৪)
কাজল মেঘবোৰে আকাশত ঘৰ সাঁজিছিল,
নামি আহিছিল দুভৰিত নুপুৰ পিন্ধি;
লাজত মুখ লুকুৱাইছিল উতনুৱা ধুলি।
(৫)
কেঁচা মাটিৰ গোন্ধ এটা উজাই আহিছিল,
কামি-হাঁড়বোৰে কন্-কনাই উঠিছিল;
তিঁতি-বুৰি জুৰুলি-জুপোৰি হৈছিল,
সদ্য-জাত বসন্ত।
📝 প্ৰবিন দত্ত (শিৱসাগৰ)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ