মােৰ চকু মেল নাখাওতেই মা

©Admin
0
দুৰ্ভগীয়া মই
নেদেখিলো আইক,
নাজানিলো আইৰ চেহেৰা,
আই কেনে আছিল
নুবুজিছিলো ।

তোমাৰ প্ৰতিচ্ছৱি
বিছাৰি ফুৰিছাে
গাৱেঁ - ভূঁয়ে
অঙহী - বঙহীক
নাই , ক'তো নাই ॥
হিয়াতে ৰাখিছাে
তুমি মােৰ আই আছিলা
দুদিনতে এৰি গৈছিলা 
মই চকু নেমেলোতেই
আজিওঁ বিছাৰি ফুৰো
তোমাৰ প্ৰতিচ্ছৱি ।

তোমাৰ আত্মাকে পুজিলোঁ
দিয়া যদি দিয়া -  আশীৰ্ব্বাদ,
মােক 
জীৱন জিনাৰ ।
তোমাৰ সত্ত্বাক অনুভৱ
কৰাৰ বাদে একো নাপালো,
আনকি
তুমি মােক সপোনতো
দেখা নিদিলা ।
তেতিয়াওঁ চিনিব পাৰিলো হয়,  তোমাক ।
সদায় বিছাৰি ফুৰাে তোমাক 
তুমি জানো জানা ?

📝  মীনা পামে গাম ।
      চিপাঝাৰ, দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)