নতুন প্ৰত্যাশা

©Admin
0
গৰ্ভস্থ সন্তান
ভূমিষ্ঠ হোৱালৈ
কিম্বা পলুৰ পৰা 
পখিলা হোৱালৈ
যুদ্ধৰ পৰা শান্তিলৈ
মহামাৰীৰ পৰা
প্ৰকৃতিৰ প্ৰকৃতিস্থতালৈ
সকলো স্বয়ংক্ৰিয় 
নিদাৰুণ কষ্টকৰ
এক কঠিন সময় ।

ঈশ্বৰীয় উদ্দেশ্যত
সমাগত পৰিৱৰ্তন
অৱশ্যম্ভাৱী
মহাকাশ, ব্ৰহ্মাণ্ড
কিম্বা পৃথিৱী আৰু
ইয়াৰ প্ৰাণীকুল 
প্ৰকৃতি সকলোতে ।

মেকুৰীৰ অথবা
বান্দৰ পোৱালিৰ দৰে
প্ৰয়োজন মাথো 
একান্ত আত্মসমৰ্পণ
মহাশক্তিধৰৰ ওচৰত ।

হ'ব পাৰে এক 
যুগৰ পৰিৱৰ্তন ।
হিংসা, শত্ৰুতা, হত্যাৰ
বিপৰীতে হয়তো 
প্ৰতিষ্ঠা হ'ব পাৰে 
প্ৰেম, অহিংসা আৰু 
মানৱীয়তাৰ এখন 
নতুন পৃথিৱী ।

 📝 সৌৰভ কুমাৰ বৰুৱা
      উঃ লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)