দক্ষিণ কামৰূপৰ সুঁৱৰী উচব এক অৱলোকন-০১

©Admin
0
 ঐতিহ্যমণ্ডিত দক্ষিণ কামৰূপ এনে এক অঞ্চল য'ত নানা ধৰণৰ পৰব সময়ে সময়ে উদযাপন হয় | বিহু, দুৰ্গাপূজা,বাসন্তী পূজা, জগধাত্ৰী পূজা, কালী পূজা ,লক্ষীপূজা, মনসা পূজা ,মাৰৈ পূজা ,শিৱৰাত্ৰী,দৌলযাত্ৰা, ৰাস, পিয়াক নাম (নন্দোতসৱ) আদি | এই পৰববোৰৰ দৰে বহাগমাহ আৰম্ভ হোৱাৰ লগে লগে নৃত্যধৰ্মী দধিমন্থন বা দধিমথন এটি অতি জনপ্ৰিয় অনুষ্ঠান | এই অনুষ্ঠান প্ৰথম ব'হাগৰ পৰা আৰম্ভ কৰি মাহটোৰ ভিন্ ভিন্ তাৰিখত ভিন্ ভিন্ অঞ্চলত উদযাপন কৰা হয় | এই অনুষ্ঠান আৰম্ভ হয় গৰু বিহুৰ দিনা সৰপাৰা গাৱত |
একাদিক্ৰমে আন আন অঞ্চলতো হয় | 
দধি শব্দৰ আভিধানিক অৰ্থ হৈছে দৈ | দৈৰ ওপৰ ভাগত যি সাৰুৱা অংশ থাকে , অৰ্থাত যিটো অংশ পগালে ঘিউ বা হবিঃ সৃষ্টি হয় সেই গোটেই বস্তুখিনি থামিলেহে দৈ বুলি কোৱা হয় | বৈদিক কালতো দধিমন্থন হৈছিল একমাত্ৰ যাগ যজ্ঞৰ কাৰণে প্ৰয়োজন হোৱা ঘিউৰ কাৰণে কিন্তু দ্বাপৰ যুগত ভগবান শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱৰ লগে লগে যশোদা আদি কৰি আন গোপীসকলে এৱা গাখীৰৰ দধিমন্থন কৰা শাস্ত্ৰাদিত দেখিবলৈ পোৱা যায় | (আগলৈ)

📝 হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)