শিৰীষৰ ছাঁত

©Admin
0

বহু দিন হ'ল
পিঠিত কঢ়িয়াই ফুৰা
ৰ'দ ৰ টোপোলা
আহ!নোৱাৰি এতিয়া
এটোপাল বৰষুণজাকৰ অপেক্ষাত
অপেক্ষাৰত প্ৰতিটো উশাহ
শিৰীষৰ ছাঁত
এখন্তেক 
জিৰণি লৱৰ ইচ্ছা

স্নায়ুকোষত থাকিবলৈ দিয়া
ৰঙা চাহৰ দৌৰাত্ম
ৰক্তৰ সতে আছে  এখন আওপুৰণি যুদ্ধ
শিথিলতা মাথোঁ সময়ৰ
অভাৱত চাকনৈয়াত
প্ৰতিষ্ঠিত এখন ছবি

কত শতিকাৰ
এটি কলি দুটি পাতৰ ৰন্ধে ৰন্ধে
প্ৰৱাসিত 
সংগ্ৰামৰ কলা ইতিহাস
চকুৰে পচাৰতে ডাঙৰ হোৱা
অভাৱৰ এজোপা গছ
কত আৱৰণ বিষাদৰ
বিষাক্ত বায়ুয়ে
বাৰে বাৰে 

দি যাই অবিশ্ৰান্ত মৃত্যু দণ্ড।
শিৰীষৰ ছাঁত
নিখোজ হব খোজে;
জনতাৰ আৰ্তনাদ

 📝 নৃপেন ৰাজোৱাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)