ঘৰচিৰিকা

©Admin
0
মোৰ অলসিতে
বুকুৰ উৰুখা পঁজাটোত
সিহঁতে ঘৰ সাজিছে  |
কিমান যে ব্যস্ততা সিহঁতৰ
ভুৰুত কৈ উৰা মাৰে
কলৈ জানো কিয়বা যায়
আহি আকৌ সোমায়  |
অনেক ব্যস্ততা সিহঁতৰ
পুৱা, গধুলি আনকি
মাজনিশাও
কিমান খিচিৰ মিচিৰ  |
সেই উৰুখা পজাটোতে
এই ফুটু এই ফুটু চকুৰে
দুটা এমা ডিমা
পোৱালী জন্মিছে  |
সেয়া সপোন সিহঁতৰ
বুকুৰ এফাল  |
এটা এৰি আনটোৰ
যেন সময়েই নাই
খাৱন শুৱনৰ হিচাব নাই
উৰুখা পজাৰ আলহী হাল
সিহঁত ঘৰচিৰিকা  ||

📝হেমেন হাজৰিকা (মিৰ্জা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)